ETV Bharat / state

দৰং মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰ আৰম্ভ

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 6:36 PM IST

Darrang College in Tezpur
দৰং মহাবিদ্যালয় শিক্ষক গোট

National level seminar in Assam: দৰং মহাবিদ্যালয় শিক্ষক গোটৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰ । এই আলোচনা সত্ৰত পাঠ কৰা হয় ১০১ খন গবেষণা পত্ৰ ।

তেজপুৰ, ২ ফেব্ৰুৱাৰী: দৰং মহাবিদ্যালয়ত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে " ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ আৰ্থ সামাজিক সমস্যা আৰু পৰিৱৰ্তনশীল বিকাশ" শীর্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰ । দৰং মহাবিদ্যালয় শিক্ষক গোটৰ উদ্যোগত আৰু অসম কলেজ শিক্ষক সন্থা আৰু দৰং মহাবিদ্যালয় আভ্যন্তৰীণ মান নিৰ্ধাৰক কোষৰ সহযোগত অসম কলেজ শিক্ষক সন্থাৰ মহাৰজত জয়ন্তীত এই আলোচনা সত্ৰৰ আয়োজন কৰা হৈছে ।

আলোচনা চক্ৰত দেশৰ ৪৫ খন বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয়, বিভিন্ন বিভাগৰ পৰা অহা গৱেষণা পত্ৰ সমূহৰ মাজৰ পৰা ১০১ খন গবেষণা পত্ৰ পাঠ কৰা হয় । ইয়াৰ পিচতেই দৰং মহাবিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি খগেশ্বৰ বৰকাকতিয়ে বন্তি প্ৰজ্বলনেৰে দুদিনীয়া এই ৰাষ্ট্ৰীয় আলোচনা সত্ৰখন উদ্বোধন কৰে । দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ পলাশমণি শইকীয়াই আদৰণী ভাষণ প্ৰদান কৰা আৰু আলোচনা সত্ৰখনৰ সমন্বয়ক ড৹ চিত্তৰঞ্জন বৰুৱাই গৱেষণা পত্ৰ সমূহৰ বিষয়ে সদৰী কৰা উদ্বোধনী অনুষ্ঠানত আলোচনা সত্ৰৰ গ্ৰন্থখন উন্মোচন কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ বীৰেন দাসে । এই আলোচনা সত্ৰৰ বিভিন্ন বিষয় সমূহৰ পৰা নিৰ্দিষ্ট বিষয়টোৱে গুৰুত্ব লাভ কৰি ইয়াৰ সমাধান সূত্ৰ উদ্ভাৱন হ'ব বুলি তেওঁ কয় ।

আনহাতে, উদ্বোধনী অনুষ্ঠানত বিশেষ অতিথিৰূপে উপস্থিত থকা অসম কলেজ শিক্ষক সন্হাৰ নৱনিৰ্বাচিত সভাপতি ড৹ জয়চন্দ্ৰ বৰুৱাই ১৯৪৯ চনতে গঢ় লৈ উঠা সন্থাৰ ইতিহাস আৰু কৰ্মসূচী সদৰী কৰি অসমত বহু বিশিষ্ট শিক্ষাবিদ থকাৰ পিছতো অসমৰ বায়ু পানীৰ সৈতে সম্পৰ্ক নথকা ১৩ গৰাকীকৈ উপাচাৰ্যক ১৩ খন বিশ্ববিদ্যালয়ত নিযুক্তি দিয়া বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনে উপাচাৰ্য সকলে অসমৰ ছাত্ৰ ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ সমস্যা সমূহ কেনেকৈ বুজি পাব বুলি কৈ এই গুৰুত্বপূৰ্ণ দিশটোৰ প্ৰতি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এনেদৰে দৃষ্টিগোচৰ কৰে ।

উল্লেখ্য ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই আলোচনা সত্ৰখনৰ বাবে এখন গৱেষণা পত্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰাও পাঠৰ বাবে প্ৰেৰণ কৰা হৈছে । অসম বিজ্ঞান, প্ৰযুক্তি-বিদ্যা আৰু পৰিবেশ পৰিষদ আৰু ভাৰতীয় ষ্টেট বেংকৰ আৰ্থিক সহযোগিতাত দৰং মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত আলোচনা সত্ৰখনৰ উদ্বোধনী অনুষ্ঠানত নিৰ্দিষ্ট বক্তা ৰূপে অংশগ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক মাধুৰ্য্য প্ৰসাদ বেজবৰুৱাই নিৰ্দিষ্ট বিষয়ৰ ওপৰত আলোকপাত কৰে ।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰখনত অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়, ৰাজস্থান ছানৰাইজ বিশ্ববিদ্যালয়, ভুবনেশ্বৰৰ চেঞ্চুৰীয়ান ইউনিভাৰ্চিটি অফ টেকন'ল'জী এণ্ড মেনেজমেন্ট, মেঘালয়ৰ ইউনিভাৰ্ছিটি অৱ ছায়েন্স এণ্ড টেকন'ল'জী, ওড়িশাৰ মহাৰজা শ্ৰীৰাম চন্দ্র ভজদেউ বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, অসম বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, টোকলাই চাহ গৱেষণা কেন্দ্ৰ, যোৰহাটৰ চাহ গৱেষণা প্ৰতিষ্ঠান, ভাৰত চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়, বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়, নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়, অসম ড'নবস্ক' বিশ্ববিদ্যালয়, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়, অসম মহিলা বিশ্ববিদ্যালয়কে ধৰি দেশৰ আগশাৰীৰ বিশ্ববিদ্যালয়ৰ পৰা ১০১ খন গৱেষণা পত্ৰ পাঠ কৰে ।

লগতে পঢ়ক:গুৱাহাটীত এইবাৰ ৰোড শ্ব’ নকৰাকৈয়ে ১১৫৯৯ কোটি মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.