ETV Bharat / state

গুৱাহাটীত এইবাৰ ৰোড শ্ব’ নকৰাকৈয়ে ১১৫৯৯ কোটি মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 5:11 PM IST

Updated : Feb 2, 2024, 8:36 PM IST

PM Modi Assam visit: খানাপাৰৰ খেলপথাৰত দেওবাৰে প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰিব বিশাল জনসভা । মুঠ ১১৫৯৯ কোটি টকাৰ বহুকেইটা প্ৰকল্পৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে । একৰ পৰা ডেৰ লাখ লোকৰ সমাগম হ'ব প্ৰধানমন্ত্ৰীৰ সভাত । ৰাজ্য চৰকাৰে সভালৈ আনিব পাঁচ হাজাৰ লাখপতি বাইদেউক ।

PM Modi Assam Tour
PM Modi Assam visit

হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

গুৱাহাটী, ২ ফেব্ৰুৱাৰী: দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ সন্দৰ্ভত শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ লোক সেৱা ভৱনত এখন সংবাদমেল সম্বোধন কৰে । মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মুঠ ১১৫৯৯ কোটি টকাৰ বহুকেইটা প্ৰকল্পৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব ।

শনিবাৰে নিশা ৭.৩০ বজাত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত অৱতৰণ কৰিব । সেইদিনাই নিশা প্ৰধানমন্ত্ৰীয়ে দলৰ ৰাজ্যিক ক'ৰ কমিটীৰে আলোচনাত মিলিত হ'ব । প্ৰধানমন্ত্ৰীয়ে নিশাটো ৰাজ্যিক অতিথিশালাত কটাই দেওবাৰে দিনৰ ১১.৩০ বজাত খানাপাৰাৰ খেলপথাৰত এখন ৰাজহুৱা সভা সম্বোধন কৰিব । উক্ত সভাতে প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মুঠ ১১৫৯৯ কোটি টকাৰ বহুকেইটা প্ৰকল্পৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব ।

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন আৰু আধাৰশিলা কৰিবলগীয়া প্ৰকল্প সমূহৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে পি এম ডিভাইন আঁচনিৰ অধীনত মা কামাখ্যা ক'ৰিডৰৰ আধাৰশিলা স্থাপন কৰিব আৰু ইয়াৰ মুঠ ব্যয় ৪৯৮ কোটি টকা । সেইদৰে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নতুন টাৰ্মিনেল কপৌ ফুলৰ আৰ্হিত নিৰ্মাণ কৰি থকা হৈছে আৰু জুলাইত ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ’ব । বৰঝাৰ বিমান বন্দৰৰ নতুন টাৰ্মিনেললৈ ছয়লেনযুক্ত পথৰ আধাৰশিলা কৰিব প্ৰধানমন্ত্ৰীয়ে । ধাৰাপুৰ আৰু গৰল হৈ নিৰ্মাণ কৰিবলগীয়া এই পথৰ বাবে ৩৫৮ কোটি টকা ব্যয় কৰা হ'ব ।

আনহাতে, প্ৰধানমন্ত্ৰীয়ে অসমমালাৰ দ্বিতীয় সংস্কৰণৰ শুভাৰম্ভ কৰিব । অসমমালাৰ দ্বিতীয় সংস্কৰণৰ জৰিয়তে নিৰ্মাণ হ’ব লগা ৰাজ্যৰ ৪৩ টা নতুন পথৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে । ৩৪৪৪ কোটি টকা ব্যয় সাপেক্ষে এই পথসমূহ নিৰ্মাণ কৰা হ’ব ।

মুখ্যমন্ত্ৰী লগতে কয় যে নেহৰু ষ্টেডিয়ামক ফিফা ৱৰ্ল্ডকাপ পৰ্যায়ৰ স্প’ৰ্টছ কমপ্লেক্স হিচাপে নিৰ্মাণ কৰা হ’ব । ইয়াত ফুটবলৰ এখন মেইন ক’ৰ্ট আৰু ট্ৰায়েল ক’ৰ্ট থাকিব । বেতৰ খৰাহীৰ আৰ্হিত নিৰ্মাণ কৰা হ’ব নেহৰু ষ্টেডিয়ামক । ইয়াত ৰাজ্যৰ সকলো ক্ৰীড়া সন্থাৰ কাৰ্যালয় থাকিব । একেলগে ৩০ হাজাৰ দৰ্শকে বহিব পৰা বৃহৎ ক্ৰীড়া প্ৰকল্প হ’ব নেহৰু ষ্টেডিয়াম । ইয়াৰ বাবে ব্যয় হ'ব ৮৩১ কোটি টকা ।

  • " class="align-text-top noRightClick twitterSection" data="">

সেইদৰে ৩০০ কোটি টকা ব্যয় সাপেক্ষে চন্দ্ৰপুৰত নিৰ্মাণ হ’ব লগা মাল্টি স্প’ৰ্টছ কমপ্লেক্সৰ আধাৰশিলা কৰিব প্ৰধানমন্ত্ৰীয়ে । আটাইকেইটা স্প’ৰ্টছ কমপ্লেক্সতে থাকিব হোষ্টেলৰ সুবিধা । প্ৰায় তিনিহাজাৰ খেলুৱৈ থাকিব পাৰিব আটাইকেইটা স্প’ৰ্টছ কমপ্লেক্সত । গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰক ইউনিটি মললৈ ৰূপান্তৰিত কৰা হ’ব । ২৯৭কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগা ইউনিটি মলৰ আধাৰশিলা কৰিব প্ৰধানমন্ত্ৰীয়ে ।

আনহাতে তিনি হাজাৰ কোটি টকা ব্যয় সাপেক্ষে পুনৰ নিৰ্মাণ কৰি আটকধুনীয়াকৈ সজাই তোলা হ'ব গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালক । এই কামৰ শুভাৰম্ভনী কৰিব প্ৰধানমন্ত্ৰীয়ে । মুঠ ১১,৫৯৯ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা প্ৰধানমন্ত্ৰীৰ যোগেদি কৰা হ'ব । প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ চৰকাৰী এই কাৰ্যসূচীত ৰাজ্য চৰকাৰে অসমৰ ৫০০০ গৰাকী লাখপতি বাইদেউক অনাৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয় ।

প্ৰধানমন্ত্ৰীৰ সভাত একৰ পৰা ডেৰ লাখ লোকৰ সমাগম হ'ব বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে কেৱল পাঁচ হাজাৰ লাখপতি বাইদেউক অনাৰ ব্যৱস্থা কৰিব । অসমত ৫ লাখ লাখপতি বাইদেউ আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পৰৱৰ্তী পৰ্যায়ত লাখপতি বাইদেউৰ সৈতে প্ৰধানমন্ত্ৰীৰ সমাৱেশ কৰাৰো পৰিকল্পনা আছে ।

প্ৰধানমন্ত্ৰী বিমান বন্দৰৰ পৰা গুৱাহাটীৰ মাজেৰেই ৰাজ্যিক অতিথিশাললৈ আহিব বুলি জানিবলৈ দি মুখ্যমন্ত্ৰীয়ে কয় যে কোনো ধৰণৰ ৰেলীৰ ব্যৱস্থা কৰা হোৱা নাই । প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণৰ সময়ত নহ’ব কোনো ধৰণৰ ৰোড শ্ব’ ৷ কংগ্ৰেছৰ কাৰণে যি নিয়ম কৰা হৈছে সেই একেই নিয়ম বিজেপিৰ বাবেও বুলি কয় মুখ্যমন্ত্ৰীয়ে । আনহাতে আগন্তুক বাজেটত ৰাজ্যখনৰ বাবে আৰু চাৰি-পাঁচটা আইকনিক প্ৰকল্প থাকিব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে ।

লগতে পঢ়ক: মোদীৰ সভাত দুই লাখ মানুহ লাগিবই; জিলাই জিলাই মন্ত্ৰী-বিধায়ক নামিল অভিযানত

Last Updated :Feb 2, 2024, 8:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.