ETV Bharat / state

মোদীৰ সভাত দুই লাখ মানুহ লাগিবই; জিলাই জিলাই মন্ত্ৰী-বিধায়ক নামিল অভিযানত

PM Modi Assam tour: প্ৰধানমন্ত্ৰীৰ জনসভা সফল কৰাৰ অভিযানত ব্যস্ত অসমৰ দুই মন্ত্ৰী পীযুষ হাজৰীকা আৰু জয়ন্ত মল্ল বৰুৱা । হেলিকপ্টাৰেৰে নগাঁৱত উপস্থিত হৈ দলীয় নেতা-কৰ্মীৰে আলোচনা দুই মন্ত্ৰীৰ । নগাঁৱত উপস্থিত হৈ প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈক কটাক্ষ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ । প্ৰদ্যুৎ-গৌৰৱ এতিয়া ৰাজনীতিৰ খোৰাক নহয় বুলি মন্তব্য ।

PM Modi Assam tour
Pijush Hazarika visits Nagaon
author img

By ETV Bharat Assamese Team

Published : February 2, 2024 at 4:50 PM IST

2 Min Read
Choose ETV Bharat
জিলাই জিলাই মন্ত্ৰী-বিধায়ক নামিল অভিযানত

নগাঁও, 2 ফেব্ৰুৱাৰী: কাইলৈ অৰ্থাৎ শনিবাৰে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । দেওবাৰে গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিতব্য প্ৰধানমন্ত্ৰীৰ জনসভাক সফল কৰাৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে শাসকীয় বিজেপি দলে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুষ্ঠান সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যে যুদ্ধংদেহী প্ৰস্তুতি চলাইছে বিজেপিৰ মন্ত্ৰী, বিধায়কসকলেও ।

শুকুৰবাৰে হেলিকপ্টাৰেৰে নগাঁৱত উপস্থিত হৈ দলীয় নেতা-কৰ্মীৰ সৈতে এক আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ দুই মন্ত্ৰী ক্ৰমে পীযুষ হাজৰীকা আৰু জয়ন্ত মল্ল বৰুৱা । নগাঁৱৰ নুৰুল অমিন ষ্টেডিয়ামত হেলিকপ্টাৰেৰে আহি উপস্থিত হোৱাৰ পিছত ষ্টেডিয়ামৰ সভাকক্ষত দলীয় নেতা-কৰ্মীৰ সৈতে আলোচনাত মিলিত হয় দুয়োগৰাকী মন্ত্ৰী ।

দেওবাৰে গুৱাহাটীত এক বিশাল জনসভাত অংশগ্ৰহণ কৰি প্ৰায় 11 কোটি টকাৰ চৰকাৰী আঁচনিৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে । উক্ত সভাত দুই লক্ষাধিক লোকৰ সমাগম হ'ব বুলিও আশাবাদী মন্ত্ৰী পীযুষ হাজৰীকা । ইপিনে আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ ১৪ খন আসনতেই বিজেপিয়ে জয়লাভ কৰাৰ লক্ষ্য বান্ধিছে বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

ইপিনে নগাঁও লোকসভা সমষ্টিত বর্তমানৰ কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈৰ মাজত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ প্ৰসংগই চর্চা লাভ কৰা সন্দৰ্ভতো মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈ বৰ্তমান ৰাজনীতিৰ কোনো খোৰাক নহয় বুলি কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈ এতিয়া সংবাদ মাধ্যমৰ হে খোৰাক ।

আনহাতে নগাঁও লোকসভা সমষ্টিত প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ’লে বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিব নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে বিজেপিত মানুহৰ অভাৱ নাই এতিয়া ৷ তেওঁ কয় যে বিজেপিত সকলোৰে বাবে দুৱাৰ মুকলি আছে যদিও প্ৰাৰ্থিত্ব বিচাৰি যোগদান কৰা নেতাৰ বাবে বিজেপিত স্থান নাই ।

নগাঁৱৰ নুৰুল অমিন ষ্টেডিয়ামত অনুষ্ঠিত হোৱা দলীয় সভাত নগাঁও জিলা বিজেপি সভাপতি অভিজিৎ নাথ, দলটোৰ কলিয়াবৰ জিলা সভাপতি, মণ্ডল পৰ্যায়ৰ নেতা-কৰ্মীসকল উপস্থিত থাকে ৷ সভালৈ মানুহ লৈ যোৱা সন্দৰ্ভত আলোচনা কৰে দুই মন্ত্ৰী পীযুষ হাজৰীকা আৰু জয়ন্ত মল্ল বৰুৱাই ।

লগতে পঢ়ক: দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ প্ৰধানমন্ত্ৰী