ETV Bharat / politics

দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ প্ৰধানমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 10:27 PM IST

pm narendra modi to visits assam for two days
অসমত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

PM Assam Visit: আগন্তুক ৩ ফেব্ৰুৱাৰীত নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ৪ ফেব্ৰুৱাৰীত অংশগ্ৰহণ কৰিব বিশাল জনসভাত ।

জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য

গুৱাহাটী, 30 জানুৱাৰী : দুদিনীয়া কাৰ্যসূচীৰে ৩ ফেব্ৰুৱাৰীত অসম উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ৪ ফেব্ৰুৱাৰীত পুৱা খানাপাৰা খেলপথাৰত বিশাল জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এই কথা ঘোষণা কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

মোদীৰ এই অসম ভ্ৰমণক লৈ ৰাজ্য চৰকাৰৰ মাজত ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে ৷ মঙলবাৰে হেঙেৰাবাৰীস্থিত কামৰূপ মহানগৰ জিলাৰ কাৰ্যালয়ত মুকলি কৰা হয় ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় । আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে কাম কাজ নিয়াৰিকৈ চলাই নিবলৈ এই মুখ্য নিৰ্বাচনী কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷ উদ্বোধন কৰি তেওঁ আজিৰ দিনটোত বিভিন্ন ঠাইত নিৰ্বাচনৰ বাবে নিৰ্বাচনী কাৰ্যালয় মুকলি কৰাৰ কথা সদৰী কৰে ৷ তেওঁ কয়, 14 টা লোকসভাতে মুখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰা হৈছে ৷ উক্ত অনুষ্ঠানতে তেওঁ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ সন্দৰ্ভত বিভিন্ন কথা প্ৰকাশ কৰে ৷ প্ৰধানমন্ত্ৰীয়ে অসমৰ উন্নয়ন সম্পৰ্কীয় বিভিন্ন কাৰ্যসূচী হাতত লৈ অসমলৈ আহিব বুলি তেওঁ জানিবলৈ দিয়ে ৷ প্ৰধানমন্ত্ৰী আগমনক লৈ মানুহৰ উৎসাহ দেখি সুখী জয়ন্ত মল্ল বৰুৱা ৷

ইফালে সমাগত লোকসভা নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে অসম ৰাজ্যিক বিজেপিয়ে । আজিৰ কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত জয়ন্ত মল্ল বৰুৱাৰ লগত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰীকা আৰু মেয়ৰ মৃগেন শৰণীয়া । মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে, প্ৰধানমন্ত্ৰী দৰাচলতে বহুত কামৰ আধাৰশিলা স্থাপন নতুবা উন্নয়নমূলক কামৰ শুভাৰম্ভণি কৰিবলৈ অসমলৈ আহিব ৷

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়, ‘আজি আমি গুৱাহাটী লোকসভা সমষ্টিৰ বাবে মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি কৰিলো । আজিৰে পৰা আমাৰ নিৰ্বাচনৰ কাম-কাজ ইয়াৰ পৰাই হ’ব । আমাৰ লক্ষ্য হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচন কৰি অনা । ১৪ টা লোকসভা সমষ্টিতে এনে ধৰণৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰা হ’ল ৷’ নিৰ্বাচনৰ বাবে যিবোৰ কাম কাজ কৰা হয় সেইবোৰ আজিৰে পৰা আৰম্ভ হ’ল বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক : গুৱাহাটীত স্থাপন কৰা হ’ব প্ৰধানমন্ত্ৰী মোদীৰ ১৯০ ফুট উচ্চতা‌ৰ প্ৰতিমূৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.