ছমাহৰ অন্তত পাঠদানৰ বাবে সাজু ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়

author img

By

Published : Sep 3, 2021, 1:35 PM IST

rangia girls higher secondary school gears up for physical class

সুদীৰ্ঘ ছমাহৰ বিৰতিৰ অন্তত পুনৰ পাঠদানৰ বাবে সাজু হৈছে ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷ অহা 6 ছেপ্তেম্বৰৰ পৰা বিদ্যালয়খনত সম্পূৰ্ণ ক'ভিড নীতি-নিয়ম মানি চলি আৰম্ভ হ'ব পাঠদান প্ৰক্ৰিয়া ৷

ৰঙিয়া , 3 ছেপ্তেম্বৰ : ৰাজ্য চৰকাৰৰ নিৰ্দেশনা মানি সুদীৰ্ঘ ছমাহৰ অন্তত পুনৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে সাজু হৈছে ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷ অহা 6 ছেপ্তেম্বৰৰ পৰা বিদ্যালয়খনত পুনৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ হ'ব ৷ ইয়াৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে এফালৰ পৰা সকলো শ্ৰেণীকোঠা পৰিস্কাৰ পৰিচ্ছন্ন কৰাৰ লগতে ছেনিটাইজেশ্বন কৰাৰো ব্যৱস্থা গ্ৰহণ কৰিছে ৷

ছমাহৰ বিৰতিৰ অন্তত পুনৰ পাঠদানৰ বাবে সাজু হৈছে ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়

বিদ্যালয়খনৰ অধ্যক্ষই জানিবলৈ দিয়া মতে, বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু বিদ্যালয়ৰ সকলো কৰ্মচাৰীয়ে ক'ভিড প্ৰতিষেধকৰ প্ৰথম আৰু দ্বিতীয় পালি গ্ৰহণ কৰিছে ৷ শিক্ষক-শিক্ষয়িত্ৰীসকলো ছাত্ৰীসকলক পাঠদান কৰিবলৈ সম্পূৰ্ণ সাজু হৈছে ৷ বিদ্যালয়ৰ ভিতৰত সকলো ছাত্ৰীয়ে মাস্ক পৰিধান কৰি শ্ৰেণী কোঠাত প্ৰৱেশ কৰিব লাগিব বুলি অধ্যক্ষৰ ফালৰ পৰা নিৰ্দেশনা দিয়া হৈছে ৷

লগতে পঢ়ক : পুত্ৰ সন্তানৰ দ্বাৰা অৱহেলিত এহাল দুৰ্ভগীয়া পিতৃ-মাতৃ

উল্লেখ্য যে, সকলো ছাত্ৰীয়ে সামাজিক দুৰত্ব মানি চলি শ্ৰেণীকোঠাত বহিব লাগিব আৰু বিদ্যালয় কৰ্তৃপক্ষৰ নিৰ্দেশনা নামানিলে সেইসকল ছাত্ৰীৰ বিৰুদ্ধে কঠোৰ হ'ব বিদ্যালয়খনৰ অধ্যক্ষ ৷

বিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে, ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলক পাঠদান কৰা হ'ব ৷ বিদ্যালয়খনৰ চাৰিটা কোঠালীত পাঠদান প্ৰক্ৰিয়া চলিব ৷ এটা কোঠালীত ২৫ শতাংশই শিক্ষাগ্ৰহণ কৰিব পাৰিব ৷

ক'ভিডসৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দীৰ্ঘদিনীয়া লকডাউনৰ ফলত বিদ্যালয়সমুহ বন্ধ হৈ থকাত শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত ব্যাপক লোকচানৰ সন্মুখীন হৈছিল ছাত্ৰ-ছাত্ৰীসকল ৷ সেয়েহে ৬ ছেপ্তেম্বৰৰ পৰা বিদ্যালয়ত পাঠ গ্ৰহণ কৰিবলৈ বিদ্যালয়খনৰ ছাত্ৰীসকল সম্পূৰ্ণ সাজু বুলি অধ্যক্ষগৰাকীয়ে জানিবলৈ দিছে ৷

লগতে পঢ়ক : দশকজুৰি বিকলাৱস্থাত থকা এটা পানী যোগান আঁচনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.