অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে মহানগৰীত চাইকেল ৰেলী

By

Published : Sep 3, 2021, 10:53 AM IST

thumbnail

আজি অভিৰুচি ক্ৰীড়া দিৱস ৷ বিশিষ্ট ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ দিনটোতে ৰাজ্যত উদযাপন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস ৷ এইবেলি কেবিনেটত ৰাজ্য চৰকাৰে অভিৰুচি ক্ৰীড়া দিৱসটো ৰাজ্যিক ক্ৰীড়া দিৱস হিচাপে সমগ্ৰ ৰাজ্যতে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ তাৰ পৰিপ্ৰেক্ষিততে শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে ৰাজ্যিক ক্ৰীড়া দিৱস ৷ মহানগৰীতো শুকুৰবাৰে অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে চান্দমাৰিৰ উৰণীয়াসেঁতুৰ পৰা নেহৰু ষ্টেডিয়ামলৈ এক চাইকেল ৰেলি উলিওৱা হয় ৷ এই চাইকেল ৰেলীৰ উদ্বোধন কৰে ৰাজ্যৰ ক্ৰীড়ামন্ত্ৰী বিমল বৰাই ৷ এই অনুষ্ঠানত খোদ অৰ্জুন ভোগেশ্বৰ বৰুৱা, ধনুৰ্বিদ জয়ন্ত তালুকদাৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.