গোলাঘাট জিলা প্ৰশাসনেৰে পৰ্যালোচনা সভা মন্ত্ৰী কেশৱ মহন্তৰ

author img

By

Published : Sep 3, 2021, 1:32 PM IST

as_glt_801_3sept_minister keshab mahanta_vis_byte_as10024

গোলাঘাটৰ বিভিন্ন দিশ সামৰি জিলা প্ৰশাসনেৰে বৈঠকত মিলিত হয় জিলাখনৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷ বৃহস্পতিবাৰে গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যলায়ত এই সভাত মিলিত হয় মন্ত্ৰীগৰাকী ৷

গোলাঘাট, 3 ছেপ্তেম্বৰ : গোলাঘাট জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ সৈতে পৰ্যালোচনা সভা জিলাখনৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তৰ ৷ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা সভাখনত জিলাখনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷ গোলাঘাটত ক’ভিডৰ সংক্ৰমণ আৰু মৃত্যুৰ হাৰ অন্য জিলাতকৈ বেছি হৈ থকাৰ বাবে উদ্বিগ্ন স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত । গুৱাহাটী মেট্ৰ'ৰ পিছতে সৰ্বাধিক লোক ক’ভিডত আক্ৰান্ত হৈছে জিলাখনত ৷

গোলাঘাট জিলা প্ৰশাসনেৰে পৰ্যালোচনা সভা মন্ত্ৰী কেশৱ মহন্তৰ

জিলাখনত অধিক সংক্ৰমণ হোৱা ঠাইক মাইক্ৰ’কন্টেইনমেন্ট জ’ন কৰা হ’ব বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ গোলাঘাটত বৰ্তমান মজুত আছে 1 লাখ 33 হাজাৰ ভেকচিন । জিলাখনত 18 বছৰৰ ওপৰৰ 8 লাখ 18 হাজাৰ লোকৰ ভিতৰত প্ৰায় 2 লাখ 50 হাজাৰ লোকক ভেকচিন দিবলৈ বাকী আছে । গোলাঘাট জিলাখনত ভোটাৰ তালিকাৰ ভিত্তিত প্ৰতিটো ভোট কেন্দ্ৰত ভেকচিন প্ৰদান কৰা হ’ব বুলিও জনায় স্বাস্থ্যমন্ত্ৰীয়ে ।

বাদ পৰি যোৱা লোকক ঘৰে ঘৰে গৈ ভেকচিন দিয়া হ'ব । সোমবাৰৰ পৰা সকলো চৰকাৰী কৰ্মচাৰীয়ে কাৰ্যালয়ৰ সন্মুখত ভেকচিন লোৱা বুলি চেল্ফ ডিক্লাৰেশ্বন দিব লাগিব ।

অহা সোমবাৰৰ পৰা জিলাখনত বিদ্যালয়সমূহ খোলা হ'ব । বিদ্যালয়ৰ অধ্যক্ষ, শিক্ষক, কৰ্মচাৰীয়েও বিদ্যালয়ৰ সন্মুখত ভেকচিন লোৱাৰ চেলফ ডিক্লাৰেশ্বন দিব লাগিব বুলি ঘোষণা কৰে মন্ত্ৰী গৰাকীয়ে । এই পৰ্যালোচনা সভাত বিধায়ক বিশ্বজিৎ ফুকন, গোলাঘাট অতিৰিক্ত উপায়ুক্ত অৰ্পা বাগলাৰী আৰু গোলাঘাট জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক : ত্ৰিপুৰাত পুনৰ তৃণমূলৰ কৰ্মীক আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.