2017 চনৰ ড্ৰাগছৰ গোচৰ সন্দৰ্ভত EDৰ সন্মুখীন ৰাকুল প্ৰীত সিং

author img

By

Published : Sep 3, 2021, 1:58 PM IST

actress-rakul-preet-singh-appears-before-ed

2017 চনৰ ড্ৰাগছ সংক্ৰান্তীয় গোচৰ সন্দৰ্ভত শুকুৰবাৰে প্ৰৱৰ্তন সঞ্চালকালয়ৰ(ED) হায়দৰাবাদস্থিত কাৰ্যালয়ত উপস্থিত অভিনেত্ৰী ৰাকুল প্ৰীত সিং(Rakul Preet Singh) ৷ টলীউডৰ মুঠ 20 গৰাকী তাৰকাৰ বিৰুদ্ধে ইতিমধ্যে চমন জাৰি কৰিছে ইডিয়ে ৷

চিটাৰা ডেস্ক, 3 ছেপ্তেম্বৰ : পুনৰ ড্ৰাগছৰ(Drugs) গোচৰ সন্দৰ্ভত প্ৰৱৰ্তন সঞ্চালকালয়ৰ(ED) প্ৰশ্নৰ মুখামুখি হৈছে বলীউড তথা টলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰাকুল প্ৰীত সিং(Rakul Preet Singh) ৷ শুকুৰবাৰে ড্ৰাগছৰ গোচৰ সন্দৰ্ভত ইডিৰ হায়দৰাবাদস্থিত কাৰ্যালয়ত উপস্থিত হয় অভিনেত্ৰীগৰাকী ৷

আগন্তুক 6 ছেপ্টেম্বৰত ৰাকুলক ইডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল । কিন্তু ৰাকুলে এই সোধ-পোচ পিছুৱাবলৈ অনুৰোধ জনাইছিল ৷ সেয়েহে শুকুৰবাৰে ইডিয়ে জেৰাৰ বাবে উপস্থিত হ’বলৈ নিৰ্দেশ দিয়ে ৰাকুলক ৷

ৰাকুলৰ পূৰ্বে মঙলবাৰে চলচ্চিত্ৰ পৰিচালক পুৰী জগন্নাধক(Puri Jagannadh) ড্ৰাগছৰ গোচৰ সন্দৰ্ভত হায়দৰাবাদৰ ইডি কাৰ্যালয়ত হাজিৰ কৰোৱা হৈছিল ৷ 2017 চনৰ কৰা ড্ৰাগছ সংক্ৰান্তীয় গোচৰত সাঙুৰ খাইছে অভিনেত্ৰী ৰাকুলৰ নাম ৷ ইয়াৰ উপৰিও টলীউডৰ মুঠ 20 গৰাকী তাৰকাৰ বিৰুদ্ধে ইডিয়ে চমন জাৰি কৰা বুলি জানিব পৰা গৈছে ৷

2017 চনৰ জুলাই মাহত এগৰাকী সংগীতজ্ঞ আৰু অন্য দুগৰাকী কলা-কুশলীক গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ পৰা ড্ৰাগছ জব্দ কৰিছিল আৰক্ষীয়ে ৷ এই ঘটনাৰ পাচৰ পৰাই এই ড্ৰাগছ সংক্ৰান্তীয় গোচৰটোত তদন্ত অব্যাহত ৰাখিছে ইডিয়ে ৷ শুকুৰবাৰে ৰাকুলক কৰা পুনৰ জেৰাৰ অন্ততহে ফাদিল হ’ব গোচৰৰ পৰৱৰ্তী তথ্য ৷

বিগত বৰ্ষতো অভিনেতা সুশান্ত সিং ৰাজপুতৰ(Sushant Singh Rajput) মৃত্যুৰ পাচত ড্ৰাগছ ব্যৱহাৰৰ গোচৰত জেৰা কৰা হৈছিল অভিনেত্ৰী ৰাকুলক ৷

লগতে পঢ়ক: Miss You Sidharth : সিদ্ধাৰ্থৰ মৃত্যুত শোকস্তব্ধ বি-টাউন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.