বিপদসংকুলভাৱে নাৱেৰে কৰ্তব্য পালন বনকৰ্মীৰ

By

Published : Sep 3, 2021, 2:03 PM IST

thumbnail

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ (Orang National Park) প্ৰায় পঞ্চাশ শতাংশ অঞ্চল ইতিমধ্যে বানপানীয়ে বুৰাই পেলাইছে ৷ উদ্যানখনৰ দক্ষিণে ব্ৰহ্মপুত্ৰ নৈ আৰু পশ্চিমে ধনশ্ৰী নৈৰ বাঢ়নি পানী উদ্যানখনৰ ভিতৰত প্ৰৱেশ কৰাত জীৱ-জন্তুৰ প্ৰতি ভাবুকি আহি পৰিছে । ইতিমধ্যে বহু জীৱ-জন্তু ওখ নিৰাপদ স্থানত আশ্ৰয় লৈছে ৷ প্ৰৱল বানপানীৰ মাজতো হাত নাঁৱেৰে, পানীত খোজকাঢ়ি বনকৰ্মীসকলে অতি কষ্টেৰে পহৰা দি থাকিবলগীয়া হৈছে উদ্যানখন ৷ উদ্যানখনৰ বেলশিৰি কেম্প অধিক জলমগ্ন হৈ পৰিছে ৷ এনে প্ৰতিকূল পৰিস্থিতিৰ মাজতো উদ্যানখনৰ বনকৰ্মীসকলে এশিঙীয়া গঁড়কে ধৰি অন্যান্য জীৱ-জন্তুসমূহ চোৰাং চিকাৰীৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ এনেদৰে দিনে-নিশাই কৰ্তব্য পালন কৰিবলগীয়া হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.