কাৰ্বি পাহাৰলৈ ঢাপলি মেলিছে কাজিৰঙাৰ জীৱকূলে...

author img

By

Published : Sep 3, 2021, 11:38 AM IST

animals-of-kaziranga-national-park-are-going-to-karbi-hills

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত(Kaziranga National Park)ত বান(Flood) পৰিস্থিতি কিছু পৰিমাণে উন্নত হ’লেও এতিয়াও বিপদমুক্ত নহয় জীৱ-জন্তুসমূহ ৷ খাদ্যৰ সন্ধানত তথা নিৰাপদ স্থান বিচাৰি জীৱ-জন্তুবোৰে কাৰ্বি পাহাৰৰ দিশে ধাৱমান হোৱা পৰিলক্ষিত হৈছে ৷

কলিয়াবৰ, 3 ছেপ্তেম্বৰ : ক্ৰমাৎ বান(Flood) পৰিস্থিতি উন্নত হোৱাৰ দিশে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত(Kaziranga National Park) ৷ কলিয়বৰৰ কাঞ্চনজুৰিৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বিচৰণ কাজিৰঙাৰ জীৱকূলৰ । খাদ্যৰ সন্ধানত তথা নিৰাপদ স্থান বিচাৰি কাৰ্বি পাহাৰৰ দিশে যাবলৈ পথৰ কাষতেই অৱস্থান কৰিছে হৰিণাই ।

পথ পাৰ হোৱাৰ সুযোগ লৈ অপেক্ষা কৰিছে জীৱকূলে । ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও বিপদমুক্ত নহয় ইয়াৰ জীৱ-জন্তু । এতিয়া নিৰাপদ স্থানৰ বাবে হাহাকাৰ অৱস্থা বন্যপ্ৰাণীৰ ।

animals-of-kaziranga-national-park-are-going-to-karbi-hills
কাৰ্বি পাহাৰত কাজিৰঙাৰ বন্যপ্ৰাণী

কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলৰ কেইবাটাও বন শিবিৰ এতিয়াও প্লাৱিত হৈ আছে । অৱশ্যে উদ্যানখনৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বাগৰী আৰু বুঢ়াপাহাৰত হ্ৰাস পাইছে জলস্তৰ । কাজিৰঙাৰ বিশাল তৃণভূমি এতিয়াও পানীৰ তলত ৷ এনে পৰিপ্ৰেক্ষিতত তৃণভোজী প্ৰাণীসমূহে যথেষ্ট খাদ্য সংকটত ভুগিছে ।

animals-of-kaziranga-national-park-are-going-to-karbi-hills
কাৰ্বি পাহাৰত কাজিৰঙাৰ বন্যপ্ৰাণী

নিৰাপদ স্থান বিচাৰি তথা খাদ্যৰ সন্ধানত ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ বহু জীৱ-জন্তু দক্ষিণৰ কাৰ্বি পাহাৰৰ দিশে ধাৱমান হৈছে । এনে ক্ষেত্ৰত ৰাস্তা পাৰ হওতে দু্ৰ্ঘটনাত পতিত হৈছে কেইবাটাও হৰিণা । গতিকে সতৰ্কতাৰ অৰ্থে কাজিৰঙাৰ ৰাজপথৰে গাড়ী চলাওতে সাৱধানৰে পাৰ হওঁক, যাতে বন্যপ্ৰাণীসমূহে পথ পাৰ হওতে দুৰ্ঘটনাত পতিত হ’বলগীয়া নহয় ৷

লগতে পঢ়ক: বানে ধোৱা কাজিৰঙা: পেলিকানৰ জলকেলি, পোৱালীৰ সৈতে মাইকী গঁড় কেমেৰাত বন্দী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.