শিৱসাগৰত অভিৰুচি ক্ৰীড়া দিৱস পালন

author img

By

Published : Sep 3, 2021, 10:09 AM IST

abhiruchi-sports-day-celebrated

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ(Bhogeswar Baruah) জন্মদিন উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো ‘অভিৰুচি ক্ৰীড়া দিৱস’(Abhiruchi Sports Day) পালন ৷ ৰংপুৰজ্যোতি ক্লাব আৰু ৰাইজৰ সহযোগত পালন কৰা হয় এই বিশেষ দিনটো ৷

শিৱসাগৰ, 3 ছেপ্তেম্বৰ: অসমৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ(Bhogeswar Baruah) জন্মদিনটো অসম তথা অসমীয়াৰ বাবে এক গৌৰৱৰ দিন । অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ প্ৰতি সন্মান জনাই প্ৰতিবছৰে 3 ছেপ্তেম্বৰত সমগ্ৰ অসমতেই ‘অভিৰুচি ক্ৰীড়া দিৱস’(Abhiruchi Sports Day) পালন কৰা হয় ।

ইয়াৰ সমান্তৰালকৈ শুকুৰবাৰে শিৱসাগৰতো ৰংপুৰজ্যোতি ক্লাব আৰু ৰাইজৰ সহযোগত পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস ৷ ৰংপুৰজ্যোতি ক্লাবৰ পৰা আৰম্ভ কৰি শিৱসাগৰ পুখুৰীৰ পাৰৰ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ প্ৰতিমূৰ্তি স্থানলৈ এক সমূহীয়া দৌৰ সমদল উলিওৱা হয় ৷ আনহাতে, এই বিশেষ দিনটোৰ লগত সংগতি ৰাখি এক যোগাসন ক্ৰীড়া প্ৰতিযোগিতাৰো আয়োজন কৰা হয় ।

অভিৰুচি ক্ৰীড়া দিৱস পালন

‘অভিৰুচি’ আলোচনীৰ উদ্যোগত এই দিনটো উদযাপন কৰিবলৈ লোৱাৰে পৰা এই দিৱসক অভিৰুচি ক্ৰীড়া দিৱসৰূপে জনা যায় । এই আলোচনীখনৰ স্বত্বাধিকাৰী বলেন চক্ৰৱৰ্তীয়ে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ স্মৃতি অনন্ত কাললৈ সজীৱ কৰি ৰাখিবলৈ ‘অভিৰুচি ক্ৰীড়া দিৱস’ৰ আৰম্ভণি কৰে ।

তাৰ পাচৰ পৰাই প্ৰতিবছৰে অসম চৰকাৰে তথা অসমৰ ৰাইজে 3 ছেপ্তেম্বৰ দিনটো অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ স্মৃতিত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰি আহিছে ৷ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম হৈছিল 1937 চনৰ 3 ছেপ্তেম্বৰত জয়সাগৰ পুখুৰীৰ পাৰৰ সুন্দৰপুৰ নামৰ এক অঞ্চলত ।

সৰুতে এজন ফুটবল খেলুৱৈহে আছিল যদিও তেওঁ পৰৱৰ্তী সময়ত দৌৰত মনোনিৱেশ কৰে আৰু ৰাজ্য তথা দেশলৈ সন্মান কঢ়িয়াই আনে । 1960 চনত ভাৰতীয় সেনাবাহিনীত যোগদান কৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাই । 1963 চনত নতুন দিল্লীত অনুষ্ঠিত অল ইণ্ডিয়া অ’পেন এথলেটিকছ মীটত ৰীলেত স্বৰ্ণ পদক, 1964 চনত শ্ৰীলংকাত অনুষ্ঠিত অ’পেন এথলেটিকছত 400 মিটাৰ আৰু 800 মিটাৰ দৌৰত স্বৰ্ণ পদক লাভ কৰিছিল ক্ৰীড়াবিদগৰাকীয়ে ৷

abhiruchi-sports-day-celebrated
অভিৰুচি ক্ৰীড়া দিৱস পালন

ইয়াৰোপৰি, চণ্ডীগড়ত আয়োজিত ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতা আৰু বেংগালুৰুত অনুষ্ঠিত 1964-65 চনৰ ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতাত অৰ্জুন ভোগেশ্বৰ বৰুৱাই স্বর্ণ পদক অধিকাৰ কৰে ৷ 1966 চনত তেওঁ ঈৰ্ষণীয় সাফল্যৰে নিজ মাতৃভূমি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল ।

1966 চনত বেংককত অনুষ্ঠিত পঞ্চম সংখ্যক এছিয়ান গেমছত অৰ্জুন ভোগেশ্বৰ বৰুৱাই প্ৰথম স্থান অধিকাৰ কৰি সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল । যিকোনো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰা তেৱেই হৈছে প্ৰথম অসমীয়া ।

তেওঁৰ এই সাফল্যৰ পাচতেই একেই বৰ্ষতে ভোগেশ্বৰ বৰুৱাক ভাৰত চৰকাৰে প্ৰদান কৰে অৰ্জুন বঁটা(Arjuna Award)। ভোগেশ্বৰ বৰুৱাই আছিল অৰ্জুন বঁটাপ্ৰাপ্ত প্ৰথমগৰাকী অসমীয়া । 1970 চনৰ ষষ্ঠ এছিয়ান গেমছত 4×400 মিটাৰ ৰীলে ৰেছত ৰূপৰ পদক লাভ কৰা ভাৰতীয় দলটিৰ অন্যতম সদস্য আছিল ভোগেশ্বৰ বৰুৱা ।

লগতে পঢ়ক: চৰকাৰলৈ সহায়ৰ আহ্বান প্ৰবীন খেলুৱৈ ঈশ্বৰ চন্দ্ৰ নাথৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.