ETV Bharat / state

কৰফাঁকি দি বিশাল অট্টালিকা-ভূমিৰ গৰাকী হৈয়ো নাযায় সাৰি - Income Tax department raids

author img

By ETV Bharat Assamese Team

Published : May 1, 2024, 12:07 PM IST

Income Tax department raids in Golaghat and Dergaon
আয়কৰ বিভাগৰ অভিযান

Income Tax department raids : গোলাঘাটত আয়কৰ বিভাগৰ অভিযান ৷ দূৰ্গেশ কানু নামৰ ব্যৱসায়ী গৰাকীৰ বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত আয়কৰ বিভাগৰ অভিযান ।

আয়কৰ বিভাগৰ অভিযান

গোলাঘাট, 1 মে’ : বুধবাৰে পুৱাৰে পৰা গোলাঘাটৰ দূৰ্গেশ ভাণ্ডাৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত আয়কৰ বিভাগে চলাইছে অভিযান ৷ গোলাঘাট নগৰৰ বিভিন্ন প্ৰান্তত থকা দূৰ্গেশ ভাণ্ডাৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা পাঁচখনকৈ বাহনত অহা আয়কৰ বিভাগৰ এটা বৃহৎ দলে অভিযান চলাই আছে ৷ পুৱাৰে পৰা গোলাঘাটৰ আলুপট্টি, তপন নগৰ আৰু শ্ৰীমন্ত নগৰৰ লগতে নগৰৰ মাজমজিয়াত থকা ব্যৱসায়িক প্ৰতিষ্ঠানত আয়কৰ বিভাগে চলাইছে এই অভিযান ৷ দলটোৱে ব্যৱসায়ীগৰাকীৰ বিভিন্ন স্থানত থকা প্ৰতিষ্ঠানসমূহত উপস্থিত হৈ তন্ন-তন্নকৈ চলাই আছে অভিযান ৷

অভিযানকাৰী দলটোৱে ইতিমধ্যে নগৰৰ মাজমজিয়াত থকা দূৰ্গেশ ভাণ্ডাৰ নামৰ দোকানখনো ছীল কৰিছে । এক সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি প্ৰায় ৭০ হাজাৰ কোটি টকাৰ ব্যৱসায় কৰা দূৰ্গেশ ভাণ্ডাৰৰ স্বত্বাধিকাৰী দূৰ্গেশ কানুৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ কৰফাঁকি দিয়াৰ অভিযোগ আছে ৷ সেইবাবেই আয়কৰ বিভাগে এই অভিযান চলাইছে বুধবাৰে । ইয়াৰ উপৰিও অতি কম দিনৰ ভিতৰতে তেওঁ নগৰৰ বিভিন্ন প্ৰান্তত বৃহৎ পৰিমাণৰ ভূমি ক্ৰয় কৰাৰ লগতে বৃহৎ বৃহৎ অট্টালিকা নিৰ্মাণ কৰিছে বুলি জানিব পৰা গৈছে । অৱশ্যে আয়কৰ বিভাগৰ অভিযানৰ অন্তত সকলো তথ্য পোহৰলৈ আহিব । বৰ্তমানলৈকে আয়কৰ বিভাগৰ লোকে অভিযান অব্যাহত ৰখাৰ লগতে সাংবাদিকৰ আগত কোনোধৰণৰ বক্তব্য দিয়াৰ পৰা বিৰত আছে ।

ইফালে গোলাঘাটৰ লগতে দেৰগাঁৱতো আয়কৰ বিভাগৰ অভিযান চলিছে বুধবাৰে । দেৰগাঁৱৰ শংকৰ কানু নামৰ ব্যৱসায়ীজনৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চলিছে এই অভিযান । শংকৰ ষ্ট’ৰ নামৰ পাইকাৰী আৰু খুচুৰা বিক্ৰী গ্ৰচাৰী প্ৰতিষ্ঠানত পুৱাৰ পৰা আয়কৰ বিভাগে অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : কৃষি মন্ত্ৰীৰ সমষ্টিত ৰাইজে বন্ধ কৰিলে পথৰ নিৰ্মাণ কাৰ্য - Corruption In Road Construction

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.