ETV Bharat / state

শ্ৰম আইন উলংঘন! শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত বাইহাটা - Violation of labour laws in Baihata

author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 10:32 PM IST

Violation of labour laws in Baihata: প্ৰচণ্ড গৰমত শ্ৰমিকক অত্যাধিক কামৰ হেঁচা দিয়াৰ ফলত শ্ৰমিকৰ মৃত্যুৰ অভিযোগ ! ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ৷ কৰ্ম প্ৰতিষ্ঠানৰ বিৰুদ্ধে শ্ৰম আইন উলংঘনৰ অভিযোগ ৷

death of a worker was allegedly caused by excessive work pressure in the heat in Baihata
শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি বাইহাটাত (Etv bharat assam)
death of a worker was allegedly caused by excessive work pressure in the heat in Baihata
মৃত ভাস্কৰ হাজৰিকা ওৰফে ভূপেন হাজৰিকা (Etv bharat assam)

বাইহাটা, 21 মে’: শ্ৰম আইনক অংগুষ্ঠ প্ৰদৰ্শনৰ অভিযোগ ব্যক্তিগত খণ্ডৰ কৰ্ম প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৷ প্ৰচণ্ড গৰমত শ্ৰম আইন উলংঘন কৰি অত্যধিক সময় কামত নিয়োজিত কৰাৰ বাবে এগৰাকী কৰ্মচাৰীৰ মৃত্যু ঘটা বুলি ক্ষোভ প্ৰকাশ কৰিছে প্ৰতিষ্ঠানটোত কৰ্মৰত কৰ্মচাৰীৰ লগতে আত্মীয়ই ৷ মৃত যুৱকজন কমলপুৰ আল্টা গাঁৱৰ ভাস্কৰ হাজৰিকা ওৰফে ভূপেন হাজৰিকা (25) ৷

কমলপুৰ আল্টাৰ পৱন ক্ৰাফট্ পেপাৰ উদ্যোগত কৰ্মৰত হৈ আছিল মৃত ভাস্কৰ হাজৰিকা ৷ জানিব পৰা মতে, যুৱকজনে নিশা উদ্যোগটোত কাম কৰি পুৱা ঘৰলৈ আহি পোৱাৰ পিছতে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটে । নিশা প্ৰচণ্ড গৰমত বাৰ ঘন্টা সময় প্ৰচণ্ড গৰমত কাম কৰাৰ বাবেই যুৱকজনৰ অকাল বিয়োগ হোৱাৰ অভিযোগ তুলিছে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীৰ লগতে আত্মীয়ই ৷

কৰ্মচাৰীৰ লগতে আত্মীয়ৰ অভিযোগ অনুসৰি বিগত কেবাদিন ধৰি উদ্যোগ কৰ্তৃপক্ষক কামৰ সময় আঠ ঘণ্টা কৰাৰ দাবী তুলি আহিছিল প্ৰতিষ্ঠানটোত কৰ্মৰত শ্ৰমিকসকলে । কিন্তু শ্ৰমিকৰ দাবী তথা শ্ৰম আইন সমূলঞ্চে উলংঘা কৰি উদ্যোগ কৰ্তৃপক্ষই শ্ৰমিকসকলৰ ওপৰত প্ৰয়োগ কৰিছিল অত্যধিক সময়ৰ কামৰ হেঁচা ৷

প্ৰতিষ্ঠানটোৰ এগৰাকী শ্ৰমিকৰ মৃত্যু ঘটাৰ পাছতে ক্ষোভিত লোকসকলে শ্ৰমিকজনৰ নশ্বৰ দেহ লৈ গৈ প্ৰতিষ্ঠানটো ঘেৰাও কৰি প্ৰতিবাদ সাবস্ত কৰে । কৰ্মচাৰীগৰাকীৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰ দাবীত লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰে । উদ্যোগ কৰ্তৃপক্ষই মৃত কৰ্মচাৰীগৰাকীৰ পৰিয়ালক পাঁচ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰাৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে ।

ঘটনাস্থলীত কমলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু স্থানীয় কমলপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । উল্লেখ কৰা প্ৰয়োজন যে যুৱকগৰাকীক সংকটজনক অৱস্থাত কমলপুৰস্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও অক্সিজেন, এম্বুলেন্স নথকাৰ বাবে উপযুক্ত চিকিৎসা লাভ নকৰাৰো অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক: ধোঁৱাচাঙত শিশু শ্ৰমিক আইন; শিশু শ্ৰমিক সুৰক্ষা গোটৰ অভিযানত উদ্ধাৰ 11 টাকৈ শিশু শ্ৰমিক - Child labour rescue in guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.