ধোঁৱাচাঙত শিশু শ্ৰমিক আইন; শিশু শ্ৰমিক সুৰক্ষা গোটৰ অভিযানত উদ্ধাৰ 11 টাকৈ শিশু শ্ৰমিক - Child labour rescue in guwahati
Child labour rescue: শিশু সুৰক্ষা আইনক বুঢ়া আঙুলি দেখুৱাই ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত বৰ্তমানেও নিয়োজিত কৰোৱা হৈ আছে শিশু শ্ৰমিক ৷ জিলা শিশু শ্ৰমিক সুৰক্ষা গোটৰ অভিযানত শেহতীয়াকৈ ৰাজ্যত উদ্ধাৰ 11 টিকৈ শিশু শ্ৰমিক ৷

Published : April 23, 2024 at 7:03 AM IST
গুৱাহাটী, 23 এপ্ৰিল : আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত বুলি সচৰাচৰ কৈ অহা হয় যদিও বাস্তৱক্ষেত্ৰত ইয়াৰ ওলোটা ছবিখনহে পৰিলক্ষিত হৈ আহিছে ৷ দেশ তথা ৰাজ্যৰ বিকাশত শিশু শ্ৰমিক এক গুৰুতৰ প্ৰত্যাহ্বানৰূপে দেখা দিছে ৷ ৰাজ্য চৰকাৰে এই শিশু শ্ৰমিক ৰোধ কৰিবৰ হকে বহু কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে যদিও ফলপ্ৰসূ হোৱা দেখিবলৈ পোৱা হোৱা নাই ৷ বৰঞ্চ ৰাজ্যত বৃদ্ধি হোৱাহে পৰিলক্ষিত হৈছে শিশু শ্ৰমিকৰ হাৰ ৷
সোমবাৰে ৰাজ্যত উদ্ধাৰ হৈছে দহৰো অধিক শিশু শ্ৰমিক ৷ সোমবাৰে মহানগৰীৰ বশিষ্ঠৰ বিভিন্ন অঞ্চলত জিলা শিশু শ্ৰমিক সুৰক্ষা গোটে মহানগৰীৰ বশিষ্ঠ আৰক্ষী আৰু দুটাকৈ বেচৰকাৰী সংস্থাৰ যুতীয়া সহযোগত অভিযান চলায় আৰু 11 টিকৈ শিশু শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
শিশু শ্ৰমিককেইজনে দীৰ্ঘদিন ধৰি মহানগৰীৰ বেলতলা, ভেটাপাৰা, লালমাটিৰ বিভিন্ন অঞ্চলত থকা কাৰ ওৱাচিং চেন্টাৰ, গেৰেজ, ডেম্প, গৃহ নিৰ্মাণ আদি বিভিন্ন প্ৰতিষ্ঠানত নিয়োজিত হৈ আছিল বুলি শ্ৰম পৰিদৰ্শক অংকিত শইকীয়াই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷
সোমবাৰে এক গোপন খবৰৰ ভিত্তিত জিলা শিশু শ্ৰমিক সুৰক্ষা গোটে চলোৱা অভিযানত শিশু শ্ৰমিককেইজনক উদ্ধাৰ কৰি বশিষ্ঠ থানালৈ লৈ অনা হয় । লগতে অভিযানকাৰী শিশু সুৰক্ষা গোটটোৱে বশিষ্ঠ থানাত এক এজাহাৰো দাখিল কৰিছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।
শ্ৰম পৰিদৰ্শক অংকিত শইকীয়াই ভৱিষ্যতে কোনো ব্যক্তি তথা শিশু শ্ৰমিকক কামত নিয়োজিত হোৱা কোনোৱে যদি দেখিবলৈ পায় তেন্তে তৎক্ষণাত 1098 নম্বৰত যোগাযোগ কৰিবলৈ সকলোলৈ আহ্বান জনাইছে ।
লগতে পঢ়ক: বনকৰা কিশোৰীক নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হ’ল ঢকুৱাখনাৰ দম্পতী

