অসম

assam

3 বজাৰ দহটা শীৰ্ষ খবৰ...

By

Published : Jan 13, 2022, 2:59 PM IST

3 বজাৰ দহটা শীৰ্ষ খবৰ...

Top Ten News
3 বজাৰ দহটা শীৰ্ষ খবৰ

দুপালি ভেকছিন লোৱাসকলেহে খাবলৈ পাব সৰভোগৰ দৈ

বিহু বুলিলে মনলৈ আহে সৰভোগৰ এঠা দৈৰ কথা ৷ টীয়কৰ গোস্বামী মিল্ক প্ৰডাক্ট প্ৰকল্পৰ দুগ্ধজাত সামগ্ৰীও পিছ পৰি ৰোৱা নাই ৷ ভোগালীৰ বজাৰ ভৰি পৰিছে সৰভোগ আৰু টীয়কৰ দৈৰে (Milk products from Sarbhog and Teok in Uruka market) ৷ পিছে দুপালি ভেকছিন লোৱাসকলেহে খাবলৈ পাব সৰভোগৰ দৈ ৷

সকলোৱে অ’মিক্ৰণত আক্ৰান্ত হ’ব, বুষ্টাৰ ড’জে ৰুধিব নোৱাৰে অ’মিক্ৰণক

কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় ক’ভিড টাস্ক ফ’ৰ্চৰ উপদেষ্টা ডাঃ জয়প্ৰকাশ মুলিয়িলে কৈছে যে, আমি বেছিভাগেই অ’মিক্ৰণত আক্ৰান্ত হ’ম, কিন্তু গমেই নাপাম আক্ৰান্ত হোৱাৰ কথা । খুব সম্ভৱ আমাৰ ৮০ শতাংশ লোক ইতিমধ্যেই আক্ৰান্ত হৈছে আৰু সুস্থও হৈ উঠিছে ।

Assam Governor tests covid positive : কৰ'ণাত আক্ৰান্ত ৰাজ্যপাল জগদীশ মুখী

ক'ভিড 19 ত আক্ৰান্ত হৈছে অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী (Assam Governor Jagdish Mukhi tests covid positive) । বৰ্তমান তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । বৃহস্পতিবাৰে ৰাজভৱনৰ এগৰাকী বিষয়াই এই কথা জানিবলৈ দিয়ে ।

সৰভোগৰ মইনবৰী সত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা : উৰুকাৰ শুভেচ্ছা ৰাজ্যবাসীক

বৃহস্পতিবাৰে বাপতি সাহোন মাঘ বিহুৰ উৰুকাৰ পবিত্ৰ ক্ষণত বৰপেটা জিলাৰ সৰভোগস্থিত ঐতিহাসিক শ্ৰীশ্ৰীমইনবৰী সত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ (CM visit Barpeta Moinbari Satra) ৰাজ্য তথা দেশবাসীৰ সুখ, সমৃদ্ধি আৰু কুশল-মংগলৰ বাবে গুৰু আসনত সেৱা আগবঢ়ায় ৷

ক'ভিড পৰিস্থিতিৰ বাবেই বাতিল ঐতিহ্যমণ্ডিত আঁহতগুৰিৰ মঁহযুজ

বাতিল কৰা হ'ল ঐতিহ্যমণ্ডিত আঁহতগুৰি ম'হযুঁজ (Due to covid situation traditional Buffalo fight has cancelled in Ahatguri) । ক'ভিডৰ ভয়াৱহতাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰে আঁহতগুৰিৰ ম'হযুঁজ সমিতিয়ে । প্ৰতি বছৰে পহিলা মাঘত পৰম্পৰাগতভাৱে অনুষ্ঠিত হৈ আহিছিল এই ম'হযুঁজখন ৷

Covid update in assam : ৰাজ্যত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা

বিগত 24 ঘণ্টাত ৰাজ্যত 3,274 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত ৷ ইয়াৰ ভিতৰত কামৰূপ(ম) ত মুঠ 1,138 জন লোক আক্ৰান্ত ভাইৰাছবিধত ৷ ইতিমধ্যে 96.96 শতাংশ লোকে ক'ভিড 19 ৰ পৰা আৰোগ্য লাভ কৰে বুলি টুইটাৰযোগে জনায় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই (Covid 19 updates of assam) ৷

MP Sakshi Maharaj in trouble : সাংসদ সাক্ষী মহাৰাজৰ বিৰুদ্ধে গোচৰ ৰুজু

দেশবাসীয়ে ক'ভিডক লৈ শংকিত হৈ থকাৰ মাজতে ক'ভিড বিধি উলংঘন বিজেপি সাংসদৰ । জন্মদিন উদযাপনৰ নামত ক'ভিড বিধি উলংঘন কৰিলে সাংসদ সাক্ষী মহাৰাজে (MP Sakshi Maharaj violates covid rules)। সাংসদগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু ।

APSC Scam: ২০১৪ৰ পৰীক্ষা কিয় ন্যায়িক আয়োগৰ আওতাত নপৰিল ?

অসম কঁপাই যোৱা লোকসেৱা আয়োগৰ কেলেংকাৰীয়ে (APSC Scam of Assam) নতুন মোৰ লৈছে । এইবাৰ তদন্তৰ দায়িত্ব ন্যায়িক আয়োগক অৰ্পণ কৰাক লৈ বিভিন্ন মহলত প্ৰশ্ন উঠিছে । ২০১৪ বৰ্ষত সংঘটিত হোৱা অনিয়মৰ তদন্তৰ দায়িত্ব কিয় ন্যায়িক আয়োগক দিয়া নহ'ব বুলি ৰাজ্য চৰকাৰলৈ উচ্চ ন্যায়ালয়ৰ জাননী ।

Manipur Pre Poll Violence : কংগ্ৰেছৰ টিকট প্ৰত্যাশীৰ বাসগৃহৰ সমীপত দুটাকৈ আইইডি বিস্ফোৰণ

মণিপুৰত অব্যাহত আছে প্ৰাক নিৰ্বাচনী হিংসা (Manipur Pre Poll Violence) ৷ বুধবাৰে পুনৰ ৰাজ্যখনত নিৰ্বাচনীকেন্দ্ৰিক হিংসাত্মক কাৰ্য-কলাপ সংঘটিত হয় ৷ ৰাজ্যখনৰ দুগৰাকী কংগ্ৰেছ নেতাৰ বাসগৃহৰ সন্মুখত ঘটে বিস্ফোৰণ ৷ দুটাকৈ শক্তিশালী আইইডি-ৰ বিস্ফোৰণ (IED exploded in front of the residence of Congress leader) ৰ ফলত কোনো লোক হতাহত হোৱা নাই, যদিও সা-সম্পত্তিৰ ক্ষতিসাধন হয় ৷

Uruka fish market at Tezpur : তেজপুৰৰ বজাৰ ভৰি পৰিছে বহিৰাজ্যৰ চালানী মাছেৰে

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ভোগালীৰ সামগ্ৰীৰে ভৰি পৰিছে তেজপুৰৰ বজাৰ । থলুৱা মাছ বিচাৰি গ্ৰাহকে ভিৰ কৰিছে (Uruka fish market at Tezpur) বজাৰত । স্থানীয় কৃষকে উৎপাদন কৰা পাচলি, গাখীৰ আদিয়ে বজাৰ দখল কৰিছে যদিও মাছৰ বজাৰ দখল কৰিছে অন্ধ্ৰপ্ৰদেশৰ চালানী মাছে ৷

ABOUT THE AUTHOR

...view details