ETV Bharat / bharat

Manipur Pre Poll Violence : কংগ্ৰেছৰ টিকট প্ৰত্যাশীৰ বাসগৃহৰ সমীপত দুটাকৈ আইইডি বিস্ফোৰণ

author img

By

Published : Jan 13, 2022, 8:52 AM IST

মণিপুৰত অব্যাহত আছে প্ৰাক নিৰ্বাচনী হিংসা (Manipur Pre Poll Violence) ৷ বুধবাৰে পুনৰ ৰাজ্যখনত নিৰ্বাচনীকেন্দ্ৰিক হিংসাত্মক কাৰ্য-কলাপ সংঘটিত হয় ৷ ৰাজ্যখনৰ দুগৰাকী কংগ্ৰেছ নেতাৰ বাসগৃহৰ সন্মুখত ঘটে বিস্ফোৰণ ৷ দুটাকৈ শক্তিশালী আইইডি-ৰ বিস্ফোৰণ (IED exploded in front of the residence of Congress leader) ৰ ফলত কোনো লোক হতাহত হোৱা নাই, যদিও সা-সম্পত্তিৰ ক্ষতিসাধন হয় ৷

manipur-polls-two-powerful-blasts-near-contesting-congress-leaders-residences
মণিপুৰত দুটাকৈ আইইডি বিস্ফোৰণ

নেশ্যনেল ডেস্ক, 13 জানুৱাৰী : নিৰ্বাচনৰ পূৰ্বে কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হৈছে মণিপুৰত ৷ বুধবাৰে পুনৰ ৰাজ্যখনত নিৰ্বাচনীকেন্দ্ৰিক হিংসাত্মক কাৰ্য-কলাপ সংঘটিত (Manipur Pre Poll Violence) হয় ৷ ৰাজ্যখনৰ দুগৰাকী কংগ্ৰেছ নেতাৰ বাসগৃহৰ সন্মুখত ঘটে বিস্ফোৰণ (IED exploded in front of the residence of Congress leader) ৷ দুটাকৈ শক্তিশালী আইইডি-ৰ বিস্ফোৰণৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও সা-সম্পত্তিৰ ক্ষতিসাধন হয় ৷ এই কথা আৰক্ষী সূত্ৰই সদৰী কৰিছে ৷

আৰক্ষী সূত্ৰই সদৰী কৰা অনুসৰি, পূৱ ইম্ফল জিলাৰ কাংলা চাংগোমচাঙত কংগ্ৰেছ নেতা খ ৰতনকুমাৰৰ বাসগৃহৰ সন্মুখত প্ৰথমটো বিস্ফোৰণ সংঘটিত হয় ৷ বিস্ফোৰণৰ ফলত নেতাগৰাকীৰ বাসগৃহত থকা বাহনসমূহৰ ক্ষতিসাধন হয় ৷

লগতে চাওক: অসম-মণিপুৰ সীমান্তত দুৰ্বৃত্তৰ গুলী চালনা : আহত এজন

আনহাতে, পশ্চিম ইম্ফলৰ চামুৰুত প্ৰাক্তন বিধায়ক ছালাম জয়ৰ বাসগৃহৰ সমীপত দ্বিতীয়টো বিস্ফোৰণ সংঘটিত হয় ৷ যাৰ বাবে কংগ্ৰেছ নেতাগৰাকীৰ বাসগৃহৰ প্ৰৱেশদ্বাৰ আৰু সন্মুখৰ অংশটো অধিক পৰিমাণ ক্ষতিগ্ৰস্ত হয় ৷ উল্লেখ্য যে, দুয়োগৰাকী নেতা ক্ৰমে খুৰাই আৰু ৱাংগোই বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ টিকট প্ৰত্যাশী ৷

বিস্ফোৰণৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় নিৰাপত্তাবাহিনী ৷ ইতিমধ্যে তেওঁলোকে অভিযুক্তক বিচাৰি অনুসন্ধান আৰম্ভ কৰিছে ৷ ভাৰতৰ নিৰ্বাচনী আয়োগে ৰাজ্যখনত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে সংঘটিত হোৱা এয়া দ্বিতীয়টো হিংসাত্মক ঘটনা ৷ ইয়াৰ পূৰ্বে দেওবাৰে ৰাজ্যখনত প্ৰথমটো নিৰ্বাচনীকেন্দ্ৰিক হিংসাত্মক ঘটনা সংঘটিত হৈছিল ৷

তদুপৰি বিগত ৯ জানুৱাৰীত পশ্চিম ইম্ফলৰ ৱাংগোইত এগৰাকী আৰক্ষী কমাণ্ডো সহ দুজন লোকক অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে । মণিপুৰত বিগত দুমাহৰ ভিতৰত সংঘটিত হিংসাত্মক ঘটনাসমূহৰ ভিতৰত বুধবাৰৰ ঘটনাটো আছিল ষষ্ঠতম ঘটনা ৷ এই আক্ৰমণৰ সন্দৰ্ভত এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই বা কোনো সংগঠনে দায়ৱদ্ধতা স্বীকাৰ কৰা নাই ।

লগতে চাওক: Pre Poll violence in Manipur : প্ৰাক নিৰ্বাচনী হিংসাত মণিপুৰত দুজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.