Pre Poll violence in Manipur : প্ৰাক নিৰ্বাচনী হিংসাত মণিপুৰত দুজনৰ মৃত্যু

author img

By

Published : Jan 10, 2022, 7:43 PM IST

Updated : Jan 10, 2022, 7:57 PM IST

Two killed in the first pre poll violence in Manipur

নিৰ্বাচনৰ পূৰ্বে মণিপুৰত সংঘটিত হৈছে হিংসাত্মক ঘটনা (Pre Poll violence in Manipur) ৷ নিৰ্বাচনকেন্দ্ৰিক এই ঘটনাত মৃত্যুবৰণ কৰিছে দুজনকৈ লোকে ৷

নিউজ ডেস্ক, 10 জানুৱাৰী : পাঁচখন ৰাজ্যত অনুষ্ঠিত হ’ব লগা নিৰ্বাচনৰ পূৰ্বে প্ৰথমটো নিৰ্বাচনকেন্দ্ৰিক হিংসাত্মক ঘটনা সংঘটিত হৈছে (Pre Poll violence in Manipur) মণিপুৰত ৷ সোমবাৰে মণিপুৰ আৰক্ষীয়ে সদৰী কৰা অনুসৰি, পশ্চিম ইম্ফল জিলাত সংঘটিত হৈছে নিৰ্বাচনকেন্দ্ৰিক এই হিংসাত্মক ঘটনা ৷ কোনো অচিনাক্ত দুৰ্বৃত্তই জিলাখনৰ দুগৰাকীকৈ লোকক গুলীয়াই হত্যা কৰে (Two killed in the pre poll violence in Manipur) ৷

আৰক্ষীৰ সূত্ৰই সদৰী কৰা অনুসৰি, দেওবাৰে নিশা জিলাখনৰ ৱাংগোই অঞ্চলত এই ঘটনা সংঘটিত হৈছিল ৷ আবুজাম জন (৫৭) আৰু আবুজাম টম্বা (৩৭) নামৰ ব্যক্তি দুগৰাকীয়ে নিশা পথৰ দাঁতিত ৰৈ কথা পাতি থকা অৱস্থাত দুৰ্বৃত্তই গুলীচালনা কৰে ৷ এই ঘটনা মণিপুৰৰ ৰাজধানী চহৰ ইম্ফলৰ পৰা মাত্ৰ 30 কিল’মিটাৰৰ দূৰত্বত অৱস্থিত ৱাংগোইত সংঘটিত হয় ৷

দুৰ্বৃত্তৰ গুলীত আহত জন নামৰ ব্যক্তিগৰাকী বিজেপি কৰ্মী হোৱাৰ বিপৰীতে টম্বা আছিল আৰক্ষীৰ এগৰাকী কমাণ্ডো ৷ আহত দুয়োগৰাকী ব্যক্তিকে ততালিকে হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও আদবাটতে মৃত্যুবৰণ কৰে জনে ৷ ইয়াৰ বিপৰীতে চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লয় টম্বাই ৷

এই ঘটনাৰ পিছতে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে সোমবাৰে ঘটনাৰ স্থান পৰিদৰ্শন কৰে ৷ লগতে নিৰাপত্তা বাহিনীক এই ঘটনাত জড়িত অভিযুক্তক বিচাৰি তীব্ৰতৰ অভিযান চলাবলৈ নিৰ্দেশ প্ৰদান কৰে ৷

ইতিমধ্যে ভাৰতৰ নিৰ্বাচন আয়োগে গোৱা, পঞ্জাৱ, মণিপুৰ, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশকে ধৰি পাঁচখন ৰাজ্যৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছে (Election Commission announced dates of assembly polls for five states) । এই ৰাজ্যসমূহত সাতটাকৈ পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন ৷

সেই অনুসৰি, মণিপুৰৰ 60 জনীয়া আসনযুক্ত বিধানসভাৰ নিৰ্বাচন ক্ৰমে ২৭ ফেব্ৰুৱাৰী আৰু ৩ মাৰ্চত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব ৷ বিপৰীতে ভোটগণনা অনুষ্ঠিত হ'ব ১০ মাৰ্চত ৷ নিৰ্বাচনী আয়োগৰ এই ঘোষণাৰ পিছতে তৎপৰ হৈ পৰিছে প্ৰতিখন ৰাজ্যৰ ৰাজনৈতিক দলসমূহ ৷

লগতে চাওক: পাঁচ ৰাজ্যত বিধানসভা নিৰ্বাচন : কি কি নিয়ম হ’ব বাধ্যতামূলক ?

Last Updated :Jan 10, 2022, 7:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.