ETV Bharat / bharat

সকলোৱে অ’মিক্ৰণত আক্ৰান্ত হ’ব, বুষ্টাৰ ড’জে ৰুধিব নোৱাৰে অ’মিক্ৰণক

author img

By

Published : Jan 13, 2022, 12:58 PM IST

ক’ভিড এতিয়া আৰু আমাৰ বাবে সাংঘাতিক বেমাৰ হৈ থকা নাই । এই ভেৰিয়েণ্টটো আগৰ ডেল্টা ভেৰিয়েণ্টৰ তুলনাত যথেষ্ট দুৰ্বল আৰু সেয়ে আক্ৰান্তসকলক চিকিৎসালয়লৈও নিবলগীয়া নহয় । অ’মিক্ৰণৰ সংক্ৰমণৰ ক্ষেত্ৰত সাধাৰণ ঠাণ্ডা লগাৰ নিচিনা উপসৰ্গই দেখা দিয়ে । কিন্তু ই হ’বই আৰু ইয়াক বাধা দিয়াটো সম্ভৱ নহয় ৷

Dr Jaiprakash Muliyil
ডাঃ জয়প্ৰকাশ মুলিয়িল

নিউজ ডেস্ক, 13 জানুৱাৰী : কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় ক’ভিড টাস্ক ফ’ৰ্চৰ উপদেষ্টা ডাঃ জয়প্ৰকাশ মুলিয়িলে কৈছে যে, আমি বেছিভাগেই অ’মিক্ৰণত আক্ৰান্ত হ’ম, কিন্তু গমেই নাপাম আক্ৰান্ত হোৱাৰ কথা । খুব সম্ভৱ আমাৰ ৮০ শতাংশ লোক ইতিমধ্যেই আক্ৰান্ত হৈছে আৰু সুস্থও হৈ উঠিছে ।

ক’ভিড ১৯ ৰ অ’মিক্ৰণ ভেৰিয়েণ্টটো একেবাৰেই অপ্ৰতিৰোধ্য আৰু সকলোৱে ইয়াৰ দ্বাৰা আক্ৰান্ত হোৱাটো খাটাং । যদিও বুষ্টাৰ ভেকচিনৰ কথা কোৱা হৈছে, ই অ’মিক্ৰণ ভেৰিয়েণ্টক বাধা দিব নোৱাৰে । অ’মিক্ৰণ ভেৰিয়েণ্টৰ সংক্ৰমণ হ’বই, সমগ্ৰ পৃথিৱীতেই বুষ্টাৰ ড’জ দিয়াৰ পাছতো সংক্ৰমণ হৈছে ৷ এয়াই সত্য, কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় ক’ভিড টাস্ক ফ’ৰ্চৰ উপদেষ্টা ডাঃ জয়প্ৰকাশ মুলিয়িলে এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমক এইদৰে কয় ৷

তেওঁ লগতে এই কথাও কয় যে, ক’ভিড এতিয়া আৰু আমাৰ বাবে সাংঘাতিক বেমাৰ হৈ থকা নাই । এই ভেৰিয়েণ্টটো আগৰ ডেল্টা ভেৰিয়েণ্টৰ তুলনাত যথেষ্ট দুৰ্বল আৰু সেয়ে আক্ৰান্তসকলক চিকিৎসালয়লৈও নিবলগীয়া নহয় । অ’মিক্ৰণৰ সংক্ৰমণৰ ক্ষেত্ৰত সাধাৰণ ঠাণ্ডা লগাৰ নিচিনা উপসৰ্গই দেখা দিয়ে । কিন্তু ই হ’বই আৰু ইয়াক বাধা দিয়াটো সম্ভৱ নহয়, এপিডেম’ল’জিষ্ট ডাঃ জয়প্ৰকাশ মুলিয়িলে কয় । ডাঃ মুলিয়িলৰ বক্তব্যই নিৰাশাৰ মাজতো যথেষ্ট আশাৰ সঞ্চাৰ আনিছে বহুতৰ মনত ।

তেওঁ আমাৰ দেহত থকা ৰোগ প্ৰতিৰোধৰ প্ৰাকৃতিক ক্ষমতাৰ ওপৰত বেছি জোৰ দিয়ে আৰু কয় যে, ভাৰতীয়সকলৰ এই ক্ষমতা বেছি বাবেই হয়টো ক’ভিডৰ সময়ত ভাৰতত আন কিছু দেশৰ নিচিনা বেয়া অৱস্থা হোৱা নাই । তেওঁ লগতে কয় যে, আমাৰ দেশৰ ৮৫ শতাংশ লোকেই ভেকচিন দিয়াৰ আগতেই সংক্ৰমিত হৈছিল ৷ গতিকে ভাৰতৰ লোকক দিয়া প্ৰথম ড’জটোৱে বুষ্টাৰ ড’জৰ কাম ইতিমধ্যেই কৰিছে । সাধাৰণতে তাত্ত্বিকভাৱে সমগ্ৰ পৃথিৱীতে কোৱা হয় যে, যিকোনো প্ৰাকৃতিক সংক্ৰমণে ৰোগ প্ৰতিৰোধৰ কোনো স্থায়ী ক্ষমতা সৃষ্টি নকৰে, কিন্তু এতিয়া মই ভাবো যে এই তত্ব ভুল ৷

তেওঁ বুষ্টাৰ ড’জৰ প্ৰয়োজনীয়তা নস্যাৎ কৰি কয় যে, আমাৰ দেশৰ ৮০ শতাংশ লোকেই গম নোপোৱাকৈয়ে ইতিমধ্যেই সংক্ৰমিত হৈছে আৰু সুস্থও হৈ উঠিছে । তেওঁ সেইসকলৰ ক্ষেত্ৰতহে বুষ্টাৰ ড’জৰ পোষকতা কৰে, যিসকলৰ ইমুন’ল’জিকেল প্ৰতিক্ৰিয়াজনিত সমস্যা আছে ।

লগতে চাওক: Covid 19 in India : বিগত 24 ঘণ্টাত দেশত কৰ’ণাত আক্ৰান্ত 1,62,212 গৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.