ETV Bharat / bharat

Covid 19 in India : বিগত 24 ঘণ্টাত দেশত কৰ’ণাত আক্ৰান্ত 1,62,212 গৰাকী

author img

By

Published : Jan 13, 2022, 10:49 AM IST

বিগত 24 ঘণ্টাত দেশত কৰ’ণাত আক্ৰান্ত হৈছে 1,62,212 গৰাকী লোক (India reports 1,62,212 new covid cases in last 24 hours) ৷ বৃহস্পতিবাৰে পুৱা দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য (Covid 19 update in India) ৷ বৰ্তমান দেশত সক্ৰিয় আক্ৰান্তৰ হাৰ হৈছে 3.08 শতাংশ ৷

india-reports-162-212-new-covid-cases-in-last-24-hours
বিগত 24 ঘণ্টাত দেশত কৰ’ণাত আক্ৰান্ত 1,62,212 গৰাকী

নিউজ ডেস্ক, 13 জানুৱাৰী : দেশত পুনৰ বৃদ্ধি হৈছে ক’ৰণাৰ সংক্ৰমণৰ (Covid 19 cases increase in India) হাৰ ৷ বৃহস্পতিবাৰে পুৱা দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি (Covid 19 update in India) , দেশত পুনৰ 1,62,212 গৰাকী লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে (India reports 1,62,212 new covid cases in last 24 hours) ৷ বৰ্তমান দেশত আক্ৰান্তৰ সংখ্যা হৈছে 11,17,531 গৰাকী ৷ দেশত সক্ৰিয় আক্ৰান্তৰ হাৰ হৈছে 3.08 শতাংশ ৷

বিপৰীতে মৃত্যু হৈছে 380 গৰাকীৰ ৷ ইয়াৰ লগে লগে দেশজুৰি ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা 4,85,035 গৰাকীলৈ বৃদ্ধি পাইছে ৷ যাৰ লগে লগে মৃত্যুৰ হাৰ হৈছে 1.34 শতাংশ ৷

উল্লেখ্য যে, আক্ৰান্তসকলৰ অধিকাংশই চিকিৎসাধীন অৱস্থাত আছিল ৷ চিকিৎসালয়ত ভৰ্তি হৈ থকা লোকসকলৰ ভিতৰত বিগত 24 ঘণ্টাত 84,825 গৰাকী লোকে আৰোগ্য লাভ কৰে ৷ ইয়াৰ লগে লগে আৰোগ্যৰ সংখ্যা হয়গৈ 3,47,15,361 গৰাকী ৷ সম্প্ৰতি আৰোগ্য হোৱা লোকৰ হাৰ হৈছে 95.59 শতাংশ ৷

ইফালে, বিগত 24 ঘণ্টাত 76,32,024 গৰাকী লোকক ক’ভিড ভেকছিন (Covid Vaccination in India) প্ৰদান কৰা হৈছে ৷ বৃহস্পতিবাৰলৈকে দেশত মুঠ 1,54,61,39,465 গৰাকী লোকক ক’ভিড টীকাকৰণ প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ত : Uruka Fish market at Nagaon : নগাঁৱত জিলা প্ৰশাসন আৰু মীন বিভাগৰ সুলভ মূল্যৰ মাছৰ বজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.