ETV Bharat / state

সৰভোগৰ মইনবৰী সত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা : উৰুকাৰ শুভেচ্ছা ৰাজ্যবাসীক

author img

By

Published : Jan 13, 2022, 1:44 PM IST

বৃহস্পতিবাৰে বাপতি সাহোন মাঘ বিহুৰ উৰুকাৰ পবিত্ৰ ক্ষণত বৰপেটা জিলাৰ সৰভোগস্থিত ঐতিহাসিক শ্ৰীশ্ৰীমইনবৰী সত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ (CM visit Barpeta Moinbari Satra) ৰাজ্য তথা দেশবাসীৰ সুখ, সমৃদ্ধি আৰু কুশল-মংগলৰ বাবে গুৰু আসনত সেৱা আগবঢ়ায় ৷

cm-visit-barpeta-moinbari-satra
সৰভোগৰ মইনবৰী সত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

বৰপেটাৰোড, 13 জানুৱাৰী : বৃহস্পতিবাৰে বাপতি সাহোন মাঘ বিহুৰ উৰুকাৰ পুৱা বৰপেটা জিলাৰ সৰভোগস্থিত ঐতিহাসিক শ্ৰীশ্ৰীমইনবৰী সত্ৰত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Chief Minister Dr Himanta Biswa Sarma) ই অসমবাসীলৈ মাঘ বিহুৰ শুভেচ্ছা জনায় (CM visit Barpeta Moinbari Satra) ৷

নাৰায়ণ দাস ঠাকুৰ আতাই প্ৰতিষ্ঠা কৰা মইনবৰী সত্ৰত উপস্থিত হৈ তেৰাৰ শ্ৰীচৰণত সেৱা জনাই অসমবাসীৰ মঙলৰ কাৰণে প্ৰাৰ্থনা জনাই নিজকে সৌভাগ্যৱান বুলি মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

সৰভোগৰ মইনবৰী সত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

বৃহস্পতিবাৰে মইনবৰী সত্ৰ (Barpeta Moinbari Satra) ত উপস্থিত হৈ সত্ৰখনৰ বিভিন্ন দিশ সম্পৰ্কে কৰা আলোচনাত অংশ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ লগতে সত্ৰখনৰ সৰ্বাংগীণ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে সকলো প্ৰকাৰৰ সহযোগিতা কৰিব বুলি উল্লেখ কৰি মইনবৰী সত্ৰৰ পূৰ্বৰ স্থানবোৰতো সত্ৰখন প্ৰতিষ্ঠা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে ৷

ইফালে, বেকী নদীৰ খহনীয়া (Beki River erosion) ৰ কবলত পৰি সত্ৰৰ বহু ভূমি বেকীৰ বুকুত জাহ যোৱাৰ সময়তে মইনবৰীত আৰু কিছু মাটিৰ ব্যৱস্থা কৰি মইনবৰী সত্ৰৰ পূৰ্বৰ স্থানতো সত্ৰ প্ৰতিষ্ঠা কৰাৰ চিন্তা-চৰ্চা কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মাজত সত্ৰখন প্ৰতিষ্ঠা কৰাৰ কথা প্ৰশ্ন কৰাত সকলোৱে এইক্ষেত্ৰত সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক : Covid update in assam : ৰাজ্যত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.