ETV Bharat / city

Covid update in assam : ৰাজ্যত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা

author img

By

Published : Jan 13, 2022, 12:13 PM IST

latest-covid-19-updates-of-assam
বিগত 24 ঘণ্টাত ৰাজ্যত কৰ’ণাত আক্ৰান্ত 3274 জন

বিগত 24 ঘণ্টাত ৰাজ্যত 3,274 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত ৷ ইয়াৰ ভিতৰত কামৰূপ(ম) ত মুঠ 1,138 জন লোক আক্ৰান্ত ভাইৰাছবিধত ৷ ইতিমধ্যে 96.96 শতাংশ লোকে ক'ভিড 19 ৰ পৰা আৰোগ্য লাভ কৰে বুলি টুইটাৰযোগে জনায় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই (Covid 19 updates of assam) ৷

নিউজ ডেস্ক, 13 জানুৱাৰী : ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা (Covid cases increase in Assam) । বিশেষকৈ পহিলা জানুৱাৰীৰ পৰা সংক্ৰমণৰ হাৰ দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে ।

ইফালে ক’ভিডৰ দ্বিতীয় ঢৌৰ সময়ত অসমত প্ৰতিদিনে সংক্ৰমিত লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাৰ সময়তে (Covid infection in Assam) ২০ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীৰ ভিতৰত অসমত অ’মিক্ৰণৰ সংক্ৰমণৰ সংখ্যাও তুংগত উঠিব বুলি সংবাদমেলযোগে সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

বৃহস্পতিবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই টুইটাৰযোগে ৰাজ্যৰ বৰ্তমানৰ ক'ভিড-19 ৰ পৰিস্থিতি সম্পৰ্কে এক তথ্য দাঙি ধৰে (Covid 19 updates of assam) ৷ এই তথ্য মৰ্মে, ৰাজ্যত বৰ্তমান ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যা হৈছে 3,274 গৰাকী ৷

সৰ্বমুঠ ক'ভিড-19 ত আক্ৰান্তৰ হাৰ 6.56 শতাংশ ৷ লগতে এতিয়ালৈকে ক'ভিড-19 ৰ পৰীক্ষা কৰা হৈছে 49,915 গৰাকীৰ ৷ ইয়াৰ ভিতৰত কামৰূপ(ম) ত মুঠ 1,138 গৰাকী লোক ক'ভিড-19 ত আক্ৰান্ত হয় ৷ ইতিমধ্যে 96.96 শতাংশ লোক ক'ভিড 19 ৰ পৰা আৰোগ্য লাভ কৰে ৷

লগতে পঢ়ক : Covid 19 in India : বিগত 24 ঘণ্টাত দেশত কৰ’ণাত আক্ৰান্ত 1,62,212 গৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.