ETV Bharat / bharat

MP Sakshi Maharaj in trouble : সাংসদ সাক্ষী মহাৰাজৰ বিৰুদ্ধে গোচৰ ৰুজু

author img

By

Published : Jan 13, 2022, 11:57 AM IST

দেশবাসীয়ে ক'ভিডক লৈ শংকিত হৈ থকাৰ মাজতে ক'ভিড বিধি উলংঘন বিজেপি সাংসদৰ । জন্মদিন উদযাপনৰ নামত ক'ভিড বিধি উলংঘন কৰিলে সাংসদ সাক্ষী মহাৰাজে (MP Sakshi Maharaj violates covid rules)। সাংসদগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু ।

MP Sakshi Maharaj in trouble
সাংসদ সাক্ষী মহাৰাজৰ বিৰুদ্ধে গোচৰ ৰুজু

নেশ্যনেল ডেস্ক, ১৩ জানুৱাৰী : সমগ্ৰ দেশতে ক'ভিডৰ সংক্ৰমণ অব্যাহত আছে (Covid cases in India) । কিছুমান ৰাজ্যত ক'ভিড ৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি হৈছে । যাৰ বাবে বিভিন্ন ৰাজ্যত ক'ভিডৰ ক্ষেত্ৰত কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে । এইক্ষেত্ৰত ব্যতিক্ৰম নহয় উত্তৰাখণ্ড চৰকাৰ ।

ৰাজ্যখনতো ক'ভিডক লৈ বিভিন্ন কঠোৰ নিয়ম জাৰি কৰা হৈছে । কিন্তু তাৰমাজতে বিজেপি নেতাই ভংগ কৰিলে ক'ভিড বিধি । দেশবাসীয়ে ক'ভিডক লৈ শংকিত হৈ থকাৰ মাজতে জন্মদিন উদযাপনত ব্যস্ত বিজেপি নেতাগৰাকী । নেতাগৰাকী হৈছে উন্নাও সমষ্টিৰ বিতৰ্কিত সাংসদ সাক্ষী মহাৰাজ ।

জন্মদিন উদযাপনৰ নামত ক'ভিড বিধি উলংঘনৰ অভিযোগ উঠিছে সাংসদগৰাকীৰ বিৰুদ্ধে (MP Sakshi Maharaj violates covid rules) । শাসকীয় দলৰে এগৰাকী সাংসদে ক'ভিড বিধি উলংঘন কৰাকলৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ক'ভিডক লৈ সান্ধ্য আইন চলি থকাৰ মাজতে বুধবাৰে ঋষিকেশৰ ৰে'লৱে ৰোডৰ ভগৱান ভৱন আশ্ৰমত নেতাগৰাকীয়ে জন্মদিনৰ কাৰ্যসূচী আয়োজন কৰিছিল । ক'ভিড বিধি উলংঘনৰ অভিযোগত নেতাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে (Case registered against MP Sakshi Maharaj) ।

দণ্ডাধীশ অপূৰ্ব পাণ্ডে জনোৱা মতে, বিজেপি সাংসদগৰাকীৰ লগতে ৪০-৫০ গৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । দণ্ডাধীশৰ নিৰ্দেশত অভিযোগ সন্দৰ্ভত আৰক্ষীৰ তদন্তৰ পাছতে গোচৰ ৰুজু কৰা হৈছে ।

লগতে পঢ়ক : Covid 19 Crisis : ক'ভিড পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলৰ সৈতে আজি প্ৰধানমন্ত্ৰীৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.