ETV Bharat / state

APSC Scam: ২০১৪ৰ পৰীক্ষা কিয় ন্যায়িক আয়োগৰ আওতাত নপৰিল ?

author img

By

Published : Jan 12, 2022, 6:57 PM IST

অসম কঁপাই যোৱা লোকসেৱা আয়োগৰ কেলেংকাৰীয়ে (APSC Scam of Assam) নতুন মোৰ লৈছে । এইবাৰ তদন্তৰ দায়িত্ব ন্যায়িক আয়োগক অৰ্পণ কৰাক লৈ বিভিন্ন মহলত প্ৰশ্ন উঠিছে । ২০১৪ বৰ্ষত সংঘটিত হোৱা অনিয়মৰ তদন্তৰ দায়িত্ব কিয় ন্যায়িক আয়োগক দিয়া নহ'ব বুলি ৰাজ্য চৰকাৰলৈ উচ্চ ন্যায়ালয়ৰ জাননী ।

APSC Scam
২০১৪ৰ পৰীক্ষা কিয় ন্যায়িক আয়োগৰ আওতাত নপৰিল

গুৱাহাটী,১২ জানুৱাৰী : লোকসেৱা আয়োগৰ ২০১৪ বৰ্ষৰ পৰীক্ষা আৰু নিযুক্তি প্ৰক্ৰিয়াৰ ন্যায়িক তদন্তৰ দায়িত্ব ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগক কিয় ন্যস্ত কৰা নহ'ল ? শেহতীয়াকৈ উত্থাপিত হৈছে এই গুৰুত্বপূৰ্ণ প্ৰশ্ন । ২০১৩ বৰ্ষৰ পৰীক্ষা আৰু নিযুক্তি প্ৰক্ৰিয়াৰ তদন্তৰ দায়িত্ব যদি ন্যায়িক আয়োগক অৰ্পণ কৰিব পাৰে তেন্তে ২০১৪ বৰ্ষত সংঘটিত হোৱা অনিয়মৰ তদন্তৰ (Assam APSC Scam)দায়িত্ব কিয় ন্যায়িক আয়োগক দিয়া নহ'ব, সেই বিষয়ে স্থিতি স্পষ্ট কৰিবলৈ ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক জাননী জাৰি কৰিছে ।

মন কৰিবলগীয়া যে ডিব্ৰুগড় আৰক্ষীয়ে ইতিপূৰ্বে ৰাকেশ পাল বাহিনীয়ে লোকসেৱা আয়োগত ২০১৩ আৰু ২০১৪ দুয়োটা বৰ্ষতে চলোৱা নিযুক্তি কেলেংকাৰীৰ তদন্ত সম্পূৰ্ণ কৰি শপতনামা দাখিল কৰিছিল । যি তদন্ত প্ৰক্ৰিয়াত ইতিমধ্যে ২০১৪ বৰ্ষত নিযুক্তি পোৱা ২১ গৰাকী ৰাজপত্ৰিত বিষয়া গ্ৰেপ্তাৰ হৈছিল । আনহাতে, ২০১৩ বৰ্ষত ৰাকেশ পাল বাহিনীক সন্তুষ্ট কৰি নিযুক্তি লাভ কৰা ৩৯ গৰাকী বিষয়াক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছিল ।

তেনেক্ষেত্ৰত ন্যায়িক আয়োগৰ আওতাৰ পৰা ২০১৪ বৰ্ষৰ নিযুক্তিপ্ৰাপ্ত সকল সাৰি যোৱাৰ কাৰণ কি বুলিও প্ৰশ্ন উঠিছে । আটাইতকৈ ৰহস্যময় বিষয়টো হ'ল ২০১৪ বৰ্ষৰ তদন্ত প্ৰক্ৰিয়া ন্যায়িক আয়োগক ন্যস্ত কৰিব নালাগে বুলি ইতিমধ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা ন্যায়ালয়ত শপতনামা দাখিল কৰা হৈছিল ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ তদন্তৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.