ETV Bharat / city

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ তদন্তৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Jan 12, 2022, 3:48 PM IST

মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত বুধবাৰে গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত প্ৰতিবাদ (Congress protest in Guwahati)।

Congress protest against CM family's land grabbing case
মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ তদন্তৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ

গুৱাহাটী, 12 ডিচেম্বৰ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু তেওঁৰ সহযোগী তথা বিজেপি নেতাৰ বিৰুদ্ধে দেশৰ এটা সংবাদ মাধ্যমত প্ৰকাশ পাইছিল চৰকাৰী ভূমি অধিগ্ৰহণৰ বাতৰি (Allegation of land grabbing against Himanta Biswa Sarma family) ৷ পৰৱৰ্তী সময়ত এই বিষয়টোক লৈ গৰম হৈ পৰিছিল ৰাজ্যৰ ৰাজনীতি ৷ বিৰুধী দল কংগ্ৰেছৰ লগতে বিশেষকৈ অখিল গগৈয়ে সদনৰ মজিয়াতো এই বিষয়টো উত্থাপন কৰা দেখা গৈছিল ৷ পুনৰ চৰ্চালৈ আহিছে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ অভিযোগৰ বিষয়টো ৷

দেশৰ এটা সংবাদ মাধ্যমত প্ৰকাশিত অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ এই ভূমি কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত বুধবাৰে গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় (Congress protest against CM family land grabbing case)। কংগ্ৰেছ কমিটীৰ পূৰ্ব ঘোষিত কাৰ্যসূচী অনুযায়ী প্ৰতিবাদকাৰীসকল প্ৰথমে দীঘলীপুখুৰীৰ পাৰত মিলিত হয় । তাৰ পৰা প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, ফ্লেগ, ফেষ্টুনলৈ কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ সমদল উলিয়ায় (Congress protest in Guwahati)।

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ তদন্তৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ

কিন্তু দীঘলীপুখুৰী পাৰত পূৰ্বৰে পৰা খাপ পিটি থকা আৰক্ষী আৰু চি আৰু পি এফৰ জোৱানে কংগ্ৰেছৰ সমদলক কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ যোৱাত বাধা দিয়ে । প্ৰতিবাদস্থলীত কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হায় হায়, বি জে পি চৰকাৰ মুৰ্দাবাদ, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ তদন্ত কৰক আদি শ্ল’গান দি পৰিৱেশ উতাল কৰি তোলে ।

কাৰ্যসূচীত অংশ লৈ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু আন সহযোগীকেইগৰাকীৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰী(Assam CMs wife accused of involvement in land grabbing)ৰ ন্যায়াধীশ ৰ দ্বাৰা তদন্তৰ দাবী জনায় ৰাজ্যজুৰি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে অহা 15 জানুৱাৰীৰ পৰা 6 ফেব্ৰুৱাৰীলৈ প্ৰায় এমাহজোৰা এই আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে ।

তেওঁ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু আন সহযোগীকেইগৰাকীৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰী(Assam CM wife accused of involvement in land grabbing)ৰ ন্যায়াধীশৰ দ্বাৰা তদন্তৰ দাবী জনায় । কাৰ্যসূচীত কংগ্ৰেছৰ নেতা মনজিৎ মহন্ত আৰু গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীৰ সভাপতি স্বপন কুমাৰ দাস আদি উপস্থিত আছিল ।

কাৰ্যসূচীৰ শেষত কংগ্ৰেছৰ তৰফৰ পৰা কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু আন সহযোগী কেইগৰাকীৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰীৰ ন্যায়াধীশৰ দ্বাৰা তদন্তৰ দাবী জনায় ৰাজ্যপাললৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : SIT submits report on Naga ambush : নাগালেণ্ডৰ গণহত্যাৰ সন্দৰ্ভত SIT য়ে দিয়া প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.