ETV Bharat / bharat

SIT submits report on Oting massacre : SIT য়ে দিয়া প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী

author img

By

Published : Jan 12, 2022, 10:14 AM IST

Updated : Jan 12, 2022, 6:27 PM IST

বিগত ৯ জানুৱাৰীত এছআইটিয়ে ৰাজ্য চৰকাৰক দাখিল কৰিছিল নগা সংঘৰ্ষৰ বিষয়ত যুগুত কৰা প্ৰতিবেদন (SIT submits report on Nagaland civilian killing) ৷ এই প্ৰতিবেদনখন ৰাজহুৱা কৰিবলৈ নগাৰ কেইবাটাও সামাজিক আৰু ছাত্ৰ সংগঠনে দাবী উত্থাপন কৰিছে ৷

sit-submits-prelim-report-on-naga-ambush
নাগালেণ্ডৰ গণহত্যাৰ সন্দৰ্ভত SIT য়ে দিয়া প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী

নেশ্যনেল ডেস্ক, 12 জানুৱাৰী : বিগত বৰ্ষৰ শেষৰটো মাহ ডিচেম্বৰত নাগালেণ্ডৰ মন জিলাত সেনাৰ আক্ৰমণত নিহত হৈছিল ১৪ গৰাকী সাধাৰণ লোক ৷ এই গণহত্যাৰ তদন্তৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিছিল এখন উচ্চস্তৰীয় কমিটি ৷ এই কমিটিৰ বিশেষ অনুসন্ধানকাৰী দলে নিৰ্ধাৰিত সময়ৰ চাৰি দিন পিছত অৰ্থাৎ বিগত ৯ জানুৱাৰীত নাগালেণ্ড চৰকাৰক ইয়াৰ প্ৰাথমিক প্ৰতিবেদন দাখিল কৰে (SIT submits report on Nagaland civilian killing) ।

ইয়াৰ পিছতে, কেইবাটাও স্থানীয় সামাজিক আৰু ছাত্ৰ সংগঠনে এই প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ দাবী উত্থাপন কৰে । বিষয় সন্দৰ্ভত গ্ল’বেল নাগা ফ'ৰাম (জিএনএফ) ৰ আহ্বায়ক চুবা ওজুকুমে বিষয়টোৰ প্ৰকৃত সত্যাসত্য জনাৰ উদ্দেশ্যে এছআইটিৰ প্ৰতিবেদনখন ৰাজহুৱা কৰা উচিত বুলি মন্তব্য কৰে ৷

অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু নাগালেণ্ডৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলৰ এক প্ৰভাৱশালী সংস্থা নাগা ষ্টুডেণ্টছ ফেডাৰেশ্যনেও প্ৰতিবেদনখন ৰাজহুৱা কৰা উচিত বুলি দাবী কৰে ৷ ইয়াৰ লগতে কন্যাক জনজাতিৰ এটা ডিমাপুৰভিত্তিক সংগঠনেও একেটা দাবীয়ে উত্থাপন কৰে ।

উল্লেখ্য যে, বিগত ৪-৫ ডিচেম্বৰত সেনাই হত্যা কৰা ১৪ গৰাকী লোকৰ ভিতৰত ১৩ গৰাকীয়ে আছিল নাগালেণ্ডৰ অন্যতম প্ৰধান জনজাতি কন্যাকৰ সাধাৰণ জনতা ৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নাগালেণ্ডৰ ঘটনা সন্দৰ্ভত লোকসভাত কৈছিল যে, সেনাই মন জিলাত উগ্ৰপন্থীসকলৰ অৱস্থানৰ বিষয়ে তথ্য লাভ কৰাত চলাইছিল অভিযান । "সেনাৰ দলটোৱে এখন বাহন ৰ'বলৈ ইংগিত দিছিল ৷ কিন্তু ই দ্ৰুতগতিত আঁতৰি যাবলৈ চেষ্টা কৰিছিল । বাহনখনত উগ্ৰপন্থীৰ উপস্থিতিৰ সন্দেহ কৰি নিৰাপত্তাৰক্ষীয়ে গুলীচালনা কৰে, যাৰ ফলত ইয়াৰ আঠজন আৰোহীৰ ভিতৰত ছয়জনৰে মৃত্যু হয়," বুলি শ্বাহে কয় ।

সাধাৰণ লোকসকলৰ মৃত্যুৰ বাবে দুখ প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৈছিল যে, নিৰাপত্তাবাহিনীয়ে আত্মৰক্ষাৰ বাবে গুলীচালনা কৰিছিল । পৰৱৰ্তী সময়ত নিৰাপত্তাবাহিনী আৰু গাঁৱবাসীৰ মাজত সংঘটিত হোৱা সংঘৰ্ষত এজন সেনা জোৱানসহ আন আঠজন সাধাৰণ লোক নিহত হয় ।

লগতে চাওক: Tension grips Nagaland : নিৰাপত্তাৰক্ষীৰ গুলীত নিহত 13 জনকৈ নগা যুৱক

Last Updated :Jan 12, 2022, 6:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.