ETV Bharat / entertainment

বন্ধুৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণ কৰি পাপাৰাজ্জীৰ কেমেৰাত বন্দী অনুষ্কা-বিৰাট - VIRUSHKA DINNER DATE VIDEO

author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 2:05 PM IST

VIRUSHKA DINNER DATE VIDEO: শেহতীয়াকৈ অনুষ্কা শৰ্মা আৰু তেওঁৰ স্বামী তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীক মুম্বাইত ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পিচত ভাৰতৰ প্ৰাক্তন দ্ৰুত বলাৰ জাহিৰ খান, তেওঁৰ পত্নী সাগৰিকা ঘাটগে আৰু সম্প্ৰচাৰক গৌৰৱ কাপুৰৰ সৈতে দেখা যায় ।

VIRUSHKA DINNER DATE VIDEO
বিৰাট কোহলীৰ সৈতে পত্নী তথা বলীউড অভিনেত্ৰী অনুষ্কা শৰ্মা (etv bharat)

চিটাৰা ডেস্ক, 29 মে’ : তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীৰ সৈতে পত্নী তথা বলীউড অভিনেত্ৰী অনুষ্কা শৰ্মাক মুম্বাইত ৰাতিৰ আহাৰ গ্ৰহণৰ পিচত দেখা গ’ল । ভাৰতৰ প্ৰাক্তন দ্ৰুত বলাৰ জাহিৰ খান আৰু তেওঁৰ পত্নী সাগৰিকা ঘাটগেয়ো তেওঁলোকক এই আউটিঙৰ সময়ত সংগ দিয়ে । দুই ক্ৰিকেটাৰ আৰু তেওঁলোকৰ সহধৰ্মিণীৰ সৈতে সুপৰিচিত টিভি উপস্থাপক গৌৰৱ কাপুৰো উপস্থিত আছিল ।

মঙলবাৰৰ নিশা দেৰিকৈ বন্ধু-বান্ধৱীৰ সৈতে অনুষ্কা আৰু বিৰাটক মুম্বাইৰ এখন উচ্চ মানৰ ভোজনালয়ৰ পৰা ওলাই অহা দেখা যায় । আই পি এল ২০২৪ ৰ পৰা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি) দল বাহিৰ হোৱাৰ কিছুদিন পিচতে শৰ্মাই স্বামীৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ ওলাই যায় । বলীউডৰ এজন পাপাৰাজ্জ’ই পোষ্ট কৰা ভিডিঅ’ এটাত অনুষ্কা আৰু বিৰাটৰ লগতে তেওঁলোকৰ বন্ধুক বান্দ্ৰা ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহা দেখা পোৱা গৈছে ।

ট্ৰাউজাৰ আৰু বগা চাৰ্ট পিন্ধি থকা অনুষ্কাকক ষ্টাইলিছ ৰূপত পাপাৰাজ্জ’ই কেমেৰাত বন্দী কৰে । আনহাতে বিৰাটে বেইজ ৰঙৰ ট্ৰাউজাৰ আৰু ক’লা চাৰ্ট পিন্ধিছিল । বিৰাট কোহলীৰ সৈতে পুত্ৰ অকায়ক আদৰণি জনোৱাৰ পাচত এই মাহত প্ৰথমবাৰৰ বাবে ৰাজহুৱা স্থানত এনেদৰে ওলাই অভিনেত্ৰীগৰাকী । চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্কা আৰু বিৰাটে দ্বিতীয় সন্তানৰ জন্মৰ কথা ঘোষণা কৰিছিল । ‘প্ৰচুৰ সুখ আৰু মৰম ভৰা হৃদয়েৰে আমি সকলোকে জনাবলৈ পাই আনন্দিত হৈছো যে ১৫ ফেব্ৰুৱাৰীত আমি আমাৰ ল’ৰা সন্তান অকায় আৰু ভামিকাৰ সৰু ভাইটিক এই পৃথিৱীলৈ আদৰণি জনাইছো’, এইদৰে লিখা আছিল পোষ্টটোত ।

পেছাদাৰী ফ্ৰণ্টত অনুষ্কাক Chakda Xpressত দেখিবলৈ পোৱা যাব । ক্ৰিকেট খেলুৱৈ ঝুলন গোস্বামীক লৈ নিৰ্মাণ কৰা এইখন এখন জীৱনীমূলক ছবি । এই ছবিখনৰ জৰিয়তে প্ৰায় চাৰি বছৰৰ পাচত পৰ্দালৈ ঘূৰি আহিছে অনুষ্কা । শ্বাহৰুখ খান আৰু কেটৰিণা কাইফৰ বিপৰীতে জিৰ’ত ছবিখনতে দেখা পোৱা গৈছে অভিনেত্ৰীগৰাকীক । নেটফ্লিক্সত অতি সোনকালেই এই ক্ৰীড়া নাটকখন উপলব্ধ হ’ব ।

লগতে পঢ়ক : চেলেব্ৰিটীৰ পৰশ পালেই মূল্য বাঢ়ি যায় সকলো বস্তুৰে - deepika padukone maternity dress

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.