ETV Bharat / state

৭৫ দিনৰ অন্তত মুকলি আকাশৰ তলত ৰাজু মেদক: মিচিং পৰম্পৰাৰে আদৰিলে সমৰ্থকে - Mising leader Raju Medok

author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 2:06 PM IST

Mising Autonomous Council: মিচিং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাজু মেদকক কিয় গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ? সমৰ্থকে আদৰণি জনাই কি ক'লে ?

Mising Autonomous Council
মিচিং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য (ETV BHARAT ASSAM)

জোনাই, ২৯ মে': অৱশেষত সুদীৰ্ঘ ৭৫ দিনৰ অন্তত মুকলি আকাশৰ তলত মিচিং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাজু মেদক । মিচিং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্যগৰাকীক আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণত অনিয়ম সংঘটিত কৰাৰ অভিযোগত ধেমাজি জিলা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াই ৰুজু কৰা এক গোচৰৰ ভিত্তিত জোনাই আৰক্ষীয়ে ১২ মাৰ্চত অৰুণাচলৰ পৰা গ্ৰেপ্তাৰ কৰিছিল । ইয়াৰ পিছতে জোনাই মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতে প্ৰেৰণ কৰিছিল জেললৈ ৷

৭৫ দিনৰ অন্তত আদালতে জামিন মঞ্জুৰ কৰাত মিচিং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্যগৰাকী মঙলবাৰে ওলাই আহে মুকলি আকাশৰ তললৈ ৷ মিচিং জনগোষ্ঠীৰ নেতাগৰাকীৰ জামিনৰ খবৰ বিয়পি পৰাৰ লগে লগে কালি শুভাকাংক্ষী তথা সমৰ্থক সকলে ৰাজু মেদকক আদৰিবলৈ সমবেত হয় তেওঁৰ জন্মগাঁও উজনি বিজপুৰত ৷ সন্ধিয়া ৰাজু মেদকে গাঁৱত উপস্থিত হোৱাৰ লগে লগে ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মিচিং পৰম্পৰাৰে ভৰি ধুৱাই মিচিং এৰকক পিন্ধাই, ঢোলে-দগৰে আদৰি আনে নিজ গৃহলৈ ৷ পিছতে মিচিং পৰম্পৰাৰে শান্তি পানী লৈ ৰাজু মেদকে প্ৰৱেশ কৰে নিজ গৃহত ৷

আনহাতে, ৰাজু মেদকৰ শুভাকাংক্ষী তথা সমৰ্থকসকলে তেওঁ ৰাজনৈতিক ষড়যন্ত্ৰৰ বাবে জেললৈ যাবলগীয়া হোৱা বুলি অভিযোগ কৰাৰ লগতে জামিন মঞ্জুৰ হোৱাত সন্তুষ্টি প্ৰকাশ কৰে । তদুপৰি আগন্তুক দিনত মিচিং জনগোষ্ঠীৰ নেতা ৰাজু মেদকে পূৰ্বৰ দৰেই জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে আৰু অধিক বলিষ্ঠ ৰূপত কাম কৰি যাব বুলি মন্তব্য কৰে সমৰ্থকে ৷

উল্লেখযোগ্য যে জোনাই আৰক্ষী থানাত ৰাজু মেদকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ 406/420/409/34 ধাৰাৰ অধীনত 159/23 নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰিছিল । এই গোচৰ পঞ্জীয়নৰ ১০ দিনৰ পাছত অৰ্থাৎ ৮ জানুৱাৰীৰ পৰা গ্ৰেপ্তাৰ হোৱাৰ ভয়ত নিৰাপদ স্থানত আত্মগোপন কৰি আছিল মেদক। আত্মগোপন কৰিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত কেইবাবাৰো অগ্ৰিম জামিন বিচাৰি বাৰে-বাৰে মুখ থেকেচা খাই বিফল হৈছিল ৰাজু মেদক । জোনাই মহকুমা আৰক্ষীয়ে কেইবাবাৰো অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ ব্যৰ্থ হৈছিল । অৱশ্য়ে আৰক্ষীয়ে আধুনিক প্ৰযুক্তিৰ সহায়ত অৰুণাচলৰ চিয়াং জিলাৰ বলেঙত অভিযান চলায় যোৱা ১১ মাৰ্চতৰাজু মেদকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক:দুৰ্নীতিৰ গোচৰত অভিযুক্ত ৰাজু মেদকক জেললৈ প্ৰেৰণ

গণশক্তিৰ নেতা ৰাজু মেদকক আটক; জোনাই থানাত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.