ETV Bharat / state

Assam Governor tests covid positive : কৰ'ণাত আক্ৰান্ত ৰাজ্যপাল জগদীশ মুখী

author img

By

Published : Jan 13, 2022, 1:10 PM IST

Assam Governor tests covid positive
কৰ'ণাত আক্ৰান্ত ৰাজ্যপাল জগদীশ মুখী

ক'ভিডত আক্ৰান্ত হোৱা ৰাজ্যপাল জগদীশ মুখী বৰ্তমান এপ’ল’ হাস্পতালত চিকিৎসাধীন হৈ আছে (Governor Jagdish Mukhi admitted to Apollo Hospital) । বুধবাৰে নিশা ৰাজ্যপাল গৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । তেওঁ বৰ্তমান সুস্থিৰ অৱস্থাত আছে । ৰাজ্যপাল মুখীৰ পত্নীক সম্প্ৰতি ক'ভিড নিগেটিভ পোৱা গৈছে ৷

গুৱাহাটী, ১৩ জ‍নুৱাৰী : ক'ভিড 19 ত আক্ৰান্ত হৈছে অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী (Assam Governor Jagdish Mukhi tests covid positive) । বৰ্তমান তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । বৃহস্পতিবাৰে ৰাজভৱনৰ এগৰাকী বিষয়াই এই কথা জানিবলৈ দিয়ে ।

বুধবাৰে ক'ভিড 19 ত আক্ৰান্ত হোৱা ৰাজ্যপালগৰাকী বৰ্তমান গুৱাহাটীস্থিত এপ’ল' হাস্পতালত চিকিৎসাধীন হৈ আছে । নিশাৰ ভাগতে ৰাজ্যপাল গৰাকীক এপ’ল' হাস্পতালত ভৰ্তি কৰোৱা হয় (Governor Jagdish Mukhi admitted to Apollo Hospital)। তেওঁ বৰ্তমান সুস্থিৰ অৱস্থাত আছে বুলি চিকিৎসকে জানিবলৈ দিয়ে । ইফালে ৰাজ্যপাল মুখীৰ পত্নীক সম্প্ৰতি ক'ভিড নিগেটিভ পোৱা গৈছে আৰু তেওঁ বৰ্তমান ৰাজভৱনতে আছে ।

উল্লেখ্য যে, ৰাজ্যত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ অস্বাভাৱিক হাৰত বৃদ্ধি পাবলৈ ধৰিছে (Covid cases increase in Assam) । যাক লৈ স্বাস্থ্য বিভাগ উদ্বিগ্ন হৈ পৰাৰ লগতে সাধাৰণ জনতা শংকিত হৈ পৰিছে ।

বুধবাৰৰ দিনটোত ৰাজ্যত ৩,২৭৪ গৰাকী লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হোৱাৰ লগতে চাৰিগৰাকীৰ মৃত্যু হৈছে । কামৰূপ মহানগৰত সৰ্বাধিক ১,১৩৮ গৰাকী লোক আক্ৰান্ত হৈছে । বৰ্তমান আক্ৰান্তৰ হাৰ ৬.৫৬ শতাংশ ।

লগতে পঢ়ক : Covid update in assam : ৰাজ্যত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.