ETV Bharat / state

Uruka fish market at Tezpur : তেজপুৰৰ বজাৰ ভৰি পৰিছে বহিৰাজ্যৰ চালানী মাছেৰে

author img

By

Published : Jan 13, 2022, 11:29 AM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ভোগালীৰ সামগ্ৰীৰে ভৰি পৰিছে তেজপুৰৰ বজাৰ । থলুৱা মাছ বিচাৰি গ্ৰাহকে ভিৰ কৰিছে (Uruka fish market at Tezpur) বজাৰত । স্থানীয় কৃষকে উৎপাদন কৰা পাচলি, গাখীৰ আদিয়ে বজাৰ দখল কৰিছে যদিও মাছৰ বজাৰ দখল কৰিছে অন্ধ্ৰপ্ৰদেশৰ চালানী মাছে ৷

Uruka fish market at Tezpur
তেজপুৰৰ ভোগালীৰ বজাৰত ভিৰ গ্ৰাহকৰ

তেজপুৰ, ১৩ জানুৱাৰী : আজি ভোগালীৰ উৰুকা । ক'ভিড পৰিস্থিতিৰ বাবে পূৰ্বৰ দৰে ভোগালীক উদযাপন নকৰিলেও কিন্তু পৰম্পৰা ৰক্ষা কৰি ৰাজ্যৰ লগতে শোণিতপুৰতো ব্যাপক প্ৰস্তুতি চলোৱা দেখা গৈছে (Preparations in the state for Bhogali Bihu) ।

গাখীৰ, দৈ, পিঠা-পনা, মিঠা আলু, কাঠ আলুৰে ভৰি পৰিছে তেজপুৰৰ বজাৰ । এইবাৰ তেজপুৰৰ নিকটৱৰ্তী পুথিমাৰীৰ বাপুভেটি গাঁৱত উৎপাদন হৈছে পৰ্যাপ্ত পৰিমাণৰ কাঠ আলু । স্থানীয় লোকে প্ৰকাশ কৰা অনুসৰি গাঁৱখনৰ ৬০ শতাংশ লোকৰ বাৰীত উৎপাদিত হৈছে ডেৰৰ পৰা দুই কুইণ্টল কাঠ আলু ।

Uruka fish market at Tezpur
থলুৱা কাঠআলু

কেৱল তেজপুৰতে নহয় ৰঙাপৰা, ঢেকীয়াজুলি, গুৱাহাটীৰো বজাৰ দখল কৰিছে সুস্বাদু কাঠ আলুৱে । গাঁৱত ২০ টকা প্ৰতি কেজিত বিক্ৰী হোৱা কাঠ আলু অন্যান্য বজাৰত ৩০-৩৫ টকা দৰত বিক্ৰী হৈছে ।

গাঁৱখনৰ চাপৰিসমূহৰ গৰু-ম'হৰ গাখীৰ, দৈয়ে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে । নিৰ্ভেজাল গাখীৰ আৰু দৈৰ বাবে বিভিন্নজনে গাঁৱখনলৈ ঢাপলি মেলা দেখা গৈছে । ইফালে উৰুকা বুলি তেজপুৰলৈ সুদুৰ অন্ধ্ৰপ্ৰদেশৰ পৰা আহিছে ৰৌ, ভকুৱা, বৰালি, চিতল আদি মাছ (Uruka fish market at Tezpur) ।

Uruka fish market at Tezpur
অন্ধ্ৰপ্ৰদেশৰ চালানী মাছৰ পয়োভৰ তেজপুৰত

তেজপুৰ চ’ক বজাৰৰ সমীপৰ মাছৰ বজাৰত মাছৰ বিক্ৰী পূৰ্বে যথেষ্ট সন্তোষজনক আছিল ৷ সম্প্ৰতি বজাৰখন কেকুৰাপুললৈ স্থানান্তৰ কৰাত গ্ৰাহকৰ সমাগম কমাই নহয়, খুচুৰা বিক্ৰেতাসকলে বিভিন্ন বজাৰলৈ ঢাপলি মেলা দেখা গৈছে ।

পাইকাৰী বিক্ৰেতাই প্ৰকাশ কৰা অনুসৰি, ৰৌ মাছ দুইৰ পৰা আঢ়ৈ কেজিৰ ১৮৫ টকা, বাহু/ভকুৱা ৩-৬ কেজি পৰ্যন্ত ২৪০ ৰ পৰা ২৫৮ টকা, আঁৰি মাছ ডেৰ কেজিৰ পৰা ২ কেজিলৈ ৪৫০ টকা, হাওৰাৰ পৰা ভোগালীৰ বজাৰলৈ অহা চিতল চাৰিশৰ পৰা পাঁচশ টকা পাইকাৰী দৰত বিক্ৰী হৈছে ।

একেদৰে থলুৱা ৰৌ, বৰালী, চিতল, আঁৰি আদি মাছো ৮০০-৯০০ টকা দৰত বিক্ৰী হৈছে । মাজগাঁৱৰ কৃষক আলোক শইকীয়াই ঘৰুৱাভাৱে উৎপাদন কৰা একৰ পৰা ডেৰ কেজি ওজনৰ একোটা ওলকবি ৩০ টকা দৰত বিক্ৰী হৈছে । জৈৱিক সাৰ প্ৰয়োগ কৰি উৎপাদন কৰা বন্ধাকবি, ওলকবিয়েও ভোগালীৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ।

Uruka fish market at Tezpur
বজাৰত উৰুকা বুলি ভিন্ন প্ৰকাৰৰ মাছ উপলব্ধ

ইপিনে মিঠা দৈ ১৭০ টকা, টেঙা দৈ ১২০ টকা, গুৰ ৮০-১০০ টকা, তিল ১৩০ টকা, বৰাধানৰ চিৰা ৯০ টকা, কোমল ধানৰ চিৰা ৬০ টকা, ক'লা চাউল ২০০ টকা, জহা চাউল ৭০-৮০ টকা দৰত বিক্ৰী হৈছে । লগে ভাগে এসাঁজ খোৱাৰ বাবে প্ৰস্তুতি চলোৱাৰ লগতে তেজপুৰৰ ভোগালীৰ বজাৰত যথেষ্ট গ্ৰাহকে ভিৰ কৰা দেখা গৈছে ।

Uruka fish market at Tezpur
তেজপুৰৰ ভোগালীৰ বজাৰত ভিৰ গ্ৰাহকৰ

লগতে পঢ়ক: Uruka Fish market at Kaliabor : পুৱতি নিশাৰে পৰা চুলুং বজাৰত মাছ বিচাৰি গ্ৰাহকৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.