অসম

assam

1 বজাৰ দহটা শীৰ্ষ সংবাদ

By

Published : Nov 11, 2021, 1:05 PM IST

দিনৰ 1 বজাৰ দহটা শীৰ্ষ সংবাদ...

top10 news
শীৰ্ষ সংবাদ

1 বজাৰ দহটা শীৰ্ষ সংবাদ-

নলবাৰীত নতুনকৈ দিয়া নহয় সুৰা বিপণীৰ অনুজ্ঞাপত্ৰ : জয়ন্ত মল্ল বৰুৱা

নলবাৰীত নতুনকৈ সুৰা বিপণী(Wine Shop)ৰ অনুজ্ঞাপত্ৰ(Licence) দিয়া নহয় । চৰকাৰে যধে-মধে দিয়া সুৰাৰ লাইচেন্সৰ বিৰোধিতা কৰিছে নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা(Jayanta Malla Baruah)ই ৷

আমিনগাঁৱত অগ্নিকাণ্ড : ভষ্মীভূত 15 লক্ষাধিক টকাৰ সম্পত্তি

উত্তৰ গুৱাহাটীৰ আমিনগাঁও চাৰিআলিত বিধ্বংসী অগ্নিকাণ্ড(Fire) সংঘটিত ৷ অগ্নিকাণ্ডত ভষ্মীভূত হয় চাৰিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ৷ লগতে বিস্ফোৰিত হয় কেইবাটাও কমাৰ্চিয়েল চিলিণ্ডাৰ, অগ্নিদগ্ধ হয় দহটাৰো অধিক ছাগলী আৰু 50 টাৰো অধিক মুৰ্গী ৷ জুইৰ লেলিহান শিখাই চাৰখাৰ কৰিলে এখন মাংসৰ দোকানৰ লগতে আন তিনিখনকৈ অন্যান্য সামগ্ৰী বিপণী ৷

ত্ৰিপুৰাত অচিৰে স্থাপন হ’ব সীমান্তৱৰ্তী বজাৰ

ভাৰত আৰু বাংলাদেশৰ মাজত দ্বি-পাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে পুনৰ ত্ৰিপুৰাত স্থাপন হ'ব সীমান্ত বজাৰ । ত্ৰিপুৰাৰ শ্ৰীনগৰ আৰু কমলা সাগৰৰ পাছত এয়া তৃতীয়খন সীমান্ত বজাৰ । প্ৰতি মঙলবাৰে ১১ বজাৰ পৰা দুপৰীয়া ২.৩০ বজালৈ খোলা থাকিব এই বজাৰ ।

ৰাষ্ট্ৰীয় শিক্ষা দিৱসত মৌলানা আবুল কালাম আজাদক স্মৰণ প্ৰধানমন্ত্ৰীৰ

আজি দেশৰ প্ৰথমগৰাকী শিক্ষা মন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্মদিন ৷ টুইটাৰযোগে ৰাষ্ট্ৰীয় শিক্ষা দিৱসৰ শুভেচ্ছা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷

তামিলনাডুত বৃষ্টিপাত : মৃতকৰ সংখ্যা 12 গৰাকীলৈ বৃদ্ধি

বতৰ বিজ্ঞান বিভাগে জাৰি কৰা আগজাননী অনুসৰি, তামিলনাডুত প্ৰবল বৃষ্টিপাত আৰু বজ্ৰপাতৰ পূৰ্ণ সম্ভাৱনা আছে । তদুপৰি ঘূৰ্ণীবতাহে বৃহস্পতিবাৰে খুন্দা মৰাৰ সম্ভাৱনা আছে তামিলনাডুৰ উপকূল অঞ্চলত । ৰাজ্যখনৰ ৯ খন জিলাত জাৰি হাই এলাৰ্ট ।

পশ্চিমবংগৰ মূৰ্শিদাবাদত TMC ৰ দুই মন্ত্ৰীক আক্ৰমণ

শাসকীয় দলৰ দুগৰাকী মন্ত্ৰী ক্ৰমে সুব্ৰত সাহা আৰু জীৱন কৃষ্ণ সাহাক নিজ দলৰে একাংশ কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে । দলীয় আভ্যন্তৰীণ সংঘাতৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ ।

COP 26 সন্মিলনত ই-অমৃত প’ৰ্টেল মুকলি ভাৰতৰ

গ্লাছগ’ চহৰত অনুষ্ঠিত হৈ থকা COP 26 সন্মিলনত ই-অমৃত(E-Amrit) ৱেব প’ৰ্টেল মুকলি কৰিলে ভাৰত চৰকাৰে । বৈদ্যুতিক বাহন সম্পৰ্কীয় সকলো তথ্য উপলব্ধ হ'ব প’ৰ্টেলটোত । ইংলেণ্ড-ভাৰতৰ যুটীয়া ৰোডমেপ ২০৩০ ৰ অংশ হিচাপে মুকলি কৰা হৈছে নীতি আয়োগে এই পৰ্টেলটোৰ শুভাৰম্ভণি কৰিছে ।

সুদীৰ্ঘ 24 বছৰৰ মূৰত পাকিস্তান ভ্ৰমণলৈ অষ্ট্ৰেলিয়া

তিনিখন টেষ্ট মেচ, তিনিখন এদিনীয়া আৰু এখন টী20 মেচৰ শৃংখলাৰে পাকিস্তান ভ্ৰমণলৈ যাব অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলটো ৷ আগন্তুক বৰ্ষত অনুষ্ঠিত হ’বলগীয়া এই শৃংখলাৰ সূচী প্ৰকাশ কৰে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে ৷

কৰিমগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত 9

কৰিমগঞ্জত বৃহস্পতিবাৰে পুৱা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ য’ত থিতাতে নিহত হয় 9 গৰাকীকৈ ব্যক্তি ৷ ষট পূজা সম্পন্ন কৰি ওভোটাৰ মূহুৰ্তত সংঘটিত হৈছে দুৰ্ঘটনাটো ৷

NDRF ৰ আন্তঃবেটালিয়ান দক্ষতা বৃদ্ধি বিষয়ক প্ৰতিযোগিতা

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাৰ পাটগাঁৱস্থিত প্ৰথম ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ 'এন ডি আৰ এফ'ৰ উদ্যোগত মিৰ্জাস্থিত জিলা শিক্ষণ প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট)ৰ চৌহদত তিনিদিনীয়াকৈ পূৱ আৰু উত্তৰ-পূৱ মণ্ডলৰ ভিত্তিত অনুষ্ঠিত আন্তঃ এনডিআৰএফ বেটালিয়ানৰ দক্ষতা বৃদ্ধি প্ৰতিযোগিতাৰ বুধবাৰে সামৰণি পৰে ।

ABOUT THE AUTHOR

...view details