ETV Bharat / bharat

তামিলনাডুত বৃষ্টিপাত : মৃতকৰ সংখ্যা 12 গৰাকীলৈ বৃদ্ধি

author img

By

Published : Nov 11, 2021, 11:39 AM IST

IMD predicts heavy rains
ঘূৰ্ণীবতাহৰ কৱলত পৰিব পাৰে তামিলনাডু

বতৰ বিজ্ঞান বিভাগে জাৰি কৰা আগজাননী অনুসৰি, তামিলনাডুত প্ৰবল বৃষ্টিপাত আৰু বজ্ৰপাতৰ পূৰ্ণ সম্ভাৱনা আছে । তদুপৰি ঘূৰ্ণীবতাহে বৃহস্পতিবাৰে খুন্দা মৰাৰ সম্ভাৱনা আছে তামিলনাডুৰ উপকূল অঞ্চলত । ৰাজ্যখনৰ ৯ খন জিলাত জাৰি হাই এলাৰ্ট ।

নেশ্যনেল ডেস্ক, ১১ নৱেম্বৰ : ধাৰাসাৰ বৰষুণৰ ফলত তামিলনাডুত ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰা । এতিয়ালৈ ৰাজ্যখনত বৰষুণৰ ফলত হোৱা বিভিন্ন ধৰণৰ ঘটনাত ১২ গৰাকীকৈ লোকৰ মৃত্যু হৈছে । ৰাজ্যখনৰ পৰিস্থিতি উন্নত হোৱাৰ পৰিৱৰ্তে ক্ৰমান্বয়ে অৱনতি হ'বলৈ ধৰিছে । বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, ঘূৰ্ণীবতাহে বৃহস্পতিবাৰে তামিলনাডু উপকূলত খুন্দা মৰাৰ সম্ভাৱনা আছে ।

ধুমুহাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ ৯ খন জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে । ৰাজধানী চেন্নাই আৰু ইয়াৰ সমীপৰ অঞ্চলবোৰত পুনৰ বৰষুণ আৰম্ভ হৈছে । বতৰ বিজ্ঞান বিভাগে কোৱা মতে ঘূৰ্ণীবতাহৰ ফলত পৰৱৰ্তী তিনিৰ পৰা চাৰিদিনৰ বাবে তামিলনাডুৰ বিস্তীৰ্ণ অঞ্চলত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে ।

বতৰ বিজ্ঞান বিভাগৰ মতে, কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণ হ'ব পাৰে ৷ আনহাতে বেছিভাগ ঠাইত বজ্ৰপাতৰ সম্ভাৱনা আছে ৷ বৃহস্পতিবাৰে থিৰুভাল্লুৰ, কাল্লাকুৰিচি, চালেম, ভেলোৰ, তিৰুন্নামলাই, ৰাণীপেট আৰু তিৰুপুত্ৰ জিলাৰ কিছু অংশত ধাৰাসাৰ বৰষুণ হ'ব পাৰে । নীলগিৰি, কইম্বাটুৰ, চেংগলাপাল্টু, নামক্কাল, তিৰুচিৰাপল্লী, চেন্নাই আৰু তামিলনাডুৰ কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ কিছু অংশত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

বিভাগৰ মতে, ১২ ৰ পৰা ১৪ নৱেম্বৰৰ ভিতৰত তামিলনাডুৰ বহু ঠাইত বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ আনহাতে তামিলনাডু, পুডুচেৰী আৰু কৰাইকালৰ কিছু অংশত বজ্ৰপাতৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৷ তামিলনাডুত উত্তৰ-পূৱ মৌচুমী বতাহৰ বাবে ১ অক্টোবৰৰ পৰা স্বাভাৱিকতকৈ ৫০ শতাংশ অধিক বৰষুণ হৈছে আৰু ৯০ টা মুখ্য জলাশয়ৰ ভিতৰত, ৫৩ টা জলাশয়ৰ পানী সঞ্চয়ৰ স্তৰতকৈ ৭৬ শতাংশ বৃদ্ধি হৈছে । তামিলনাডু আৰু পুডুচেৰীত এই সময়চোৱাত ৩৮ ছেণ্টিমিটাৰকৈ বৰষুণ হোৱা দেখা গৈছে ।

লগতে পঢ়ক : আত্মনিৰ্ভৰশীল ত্ৰিপুৰা গঢ়ি তোলাত বিজেপিৰ অৱদান যথেষ্ট:বিপ্লৱ কুমাৰ দেৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.