ETV Bharat / bharat

পশ্চিমবংগৰ মূৰ্শিদাবাদত TMC ৰ দুই মন্ত্ৰীক আক্ৰমণ

author img

By

Published : Nov 11, 2021, 11:48 AM IST

শাসকীয় দলৰ দুগৰাকী মন্ত্ৰী ক্ৰমে সুব্ৰত সাহা আৰু জীৱন কৃষ্ণ সাহাক নিজ দলৰে একাংশ কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে । দলীয় আভ্যন্তৰীণ সংঘাতৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ ।

attacked by TMC workers
পশ্চিমবংগৰ মুৰ্শিদাবাদত TMCৰ দুই মন্ত্ৰীক আক্ৰমণ দলীয় কৰ্মীৰ

নেশ্যনেল ডেস্ক, ১১ নৱেম্বৰ : পশ্চিমবংগৰ মন্ত্ৰী সুব্ৰত সাহাক বুধবাৰে মূৰ্শিদাবাদত সন্ধিয়া একাংশ লোকে আক্ৰমণ কৰে । আৰক্ষীয়ে জনোৱা মতে, এই আক্ৰমণৰ পৰা কোনো মতে ৰক্ষা পৰে খাদ্য প্ৰক্ৰিয়াকৰণ আৰু উদ্যান শস্যৰ ৰাজ্যিক মন্ত্ৰী তথা স্থানীয় বিধায়ক জিবান কৃষ্ণ সাহা । উত্তেজিত লোকসকলে সাহাৰ বাহনখনত আক্ৰমণ কৰি বিস্তৰ ক্ষতিসাধন কৰে ৷

দুয়োগৰাকী নেতাই বিপ্ৰা শেখৰ অঞ্চলৰ এঘৰ লোকৰ ঘৰত উপস্থিত হোৱাৰ পাছতে এই ঘটনা সংঘটিত হয় । শেহতীয়াকৈ এক দুৰ্ঘটনাত এটা পৰিয়ালৰ প্ৰায় ৫ জনকৈ সদস্যই অকাল মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিল । সেই দুৰ্ভগীয়া পৰিয়ালটোলৈ চৰকাৰে আৰ্থিক সাহায্যৰ ঘোষণা কৰিছিল । মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নিৰ্দেশত মৃতকক ২ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ সেই ঘৰটোত উপস্থিত হৈছিল সাহা ।

সেই সময়ত একাংশ উত্তেজিত লোকে দুয়োগৰাকী নেতাক আক্ৰমণ কৰে । অৱশ্যে ঘটনাস্থলীত উপস্থিত থকা আৰক্ষীয়ে নেতা দুগৰাকীক সুৰক্ষিত স্থানলৈ পঠিয়াবলৈ সক্ষম হয় । ইতিমধ্যে এই আক্ৰমণত জড়িত থকাৰ অভিযোগত প্ৰায় ১২ জন লোকক আটক কৰা হৈছে ।

এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে সেই স্থানৰ সমীপতে এখন দলীয় সভা চলি আছিল আৰু তাত উপস্থিত থকাসকলৰ মাজৰে একাংশই নেতাকেইগৰাকীক আক্ৰমণ কৰিছিল । পৰৱৰ্তী সময়ত মন্ত্ৰী সাহাই এই ঘটনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, কোনো অ-সামাজিক দল এটাই তেওঁলোকক আক্ৰমণ কৰিছিল আৰু তেওঁলোক কোন আছিল সেই কথা নেতাগৰাকীয়ে নাজানে । ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি অধীৰ ৰঞ্জন চৌধুৰীয়ে দাবী কৰে যে এয়া টিএমচিৰ ভিতৰুৱা কাজিয়াৰ পৰিণতি ।

কিয়নো শেহতীয়াকৈ টিএমচিৰ দলীয় কাজিয়া ৰাজ্যখনৰ বিভিন্ন ঠাইতে সংঘটিত হৈ আছে । সেয়ে কংগ্ৰেছ নেতাগৰাকীৰ মতে আৰক্ষীয়ে বিষয়টো গুৰুত্ব দিয়া উচিত । ইতিমধ্যে উক্ত ঘটনাত আঘাতপ্ৰাপ্ত মন্ত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । প্ৰাথমিক চিকিৎসাৰ অন্তত তেওঁক ঘৰলৈ যাবলৈ দিয়া হয় ৷

লগতে পঢ়ক : ত্ৰিপুৰাত ডেংগীত আক্ৰান্ত 255 জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.