ETV Bharat / bharat

COP 26 সন্মিলনত ই-অমৃত প’ৰ্টেল মুকলি ভাৰতৰ

author img

By

Published : Nov 11, 2021, 11:19 AM IST

গ্লাছগ’ চহৰত অনুষ্ঠিত হৈ থকা COP 26 সন্মিলনত ই-অমৃত(E-Amrit) ৱেব প’ৰ্টেল মুকলি কৰিলে ভাৰত চৰকাৰে । বৈদ্যুতিক বাহন সম্পৰ্কীয় সকলো তথ্য উপলব্ধ হ'ব প’ৰ্টেলটোত । ইংলেণ্ড-ভাৰতৰ যুটীয়া ৰোডমেপ ২০৩০ ৰ অংশ হিচাপে মুকলি কৰা হৈছে নীতি আয়োগে এই পৰ্টেলটোৰ শুভাৰম্ভণি কৰিছে ।

India launches e Amrit portal
ই অমৃত পৰ্টেল মুকলি কৰিলে ভাৰতে

নেশ্যনেল ডেস্ক, ১১ নৱেম্বৰ : বৈদ্যুতিক বাহন ব্যৱহাৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে ভাৰত চৰকাৰে মুকলি কৰিলে ই-অমৃত(E-Amrit) ৱেব প’ৰ্টেল । ইংলেণ্ডৰ গ্লাছগ’ত অনুষ্ঠিত হৈ থকা COP26 সন্মিলনত এই প’ৰ্টেলটো মুকলি কৰে কেন্দ্ৰীয় চৰকাৰে ।

বুধবাৰে নীতি আয়োগে এক বিবৃতিযোগে জানিবলৈ দিছে যে, ই-অমৃত হৈছে বৈদ্যুতিক বাহনৰ সম্পৰ্কীয় সকলো তথ্য সমৃদ্ধ একমাত্ৰ স্থান । বৈদ্যুতিক বাহন ক্ৰয়, বিনিয়োগৰ সুযোগ, নীতি আৰু ৰাজসাহায্য আদি সকলো তথ্য এই প’ৰ্টেলটোত উপলব্ধ হ'ব ৷

বিবৃতিটোত উল্লেখ কৰা হৈছে যে, "ইংলেণ্ড চৰকাৰৰ সৈতে এক সহযোগিতামূলক জ্ঞান বিনিময় কাৰ্যসূচীৰ অধীনত আৰু দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে স্বাক্ষৰ কৰা ইংলেণ্ড-ভাৰতৰ যুটীয়া ৰোডমেপ ২০৩০ ৰ অংশ হিচাপে নীতি আয়োগে এই প’ৰ্টেলটো মুকলি কৰিছে ।

বৈদ্যুতিক বাহন ব্যৱহাৰ সন্দৰ্ভত সজাগতা সৃষ্টি আৰু লাভালাভৰ বিষয়ে গ্ৰাহকক অৱগত কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ পৰিপূৰক হিচাপে কাম কৰিব প’ৰ্টেলটোৱে । শেহতীয়াকৈ ভাৰতে যান-বাহনৰ পৰা প্ৰদূষণ ৰোধ কৰিবলৈ কাৰ্বন মুক্তকৰণ আৰু দেশত বৈদ্যুতিক বাহনৰ ব্যৱহাৰ বৃদ্ধিৰ ক্ষেত্ৰত বহু পদক্ষেপ গ্ৰহণ কৰিছে ।

প’ৰ্টেলটো মুকলি কৰা অনুষ্ঠানত ইংলেণ্ডৰ উচ্চ-পৰ্যায়ৰ জলবায়ু কাৰ্যৰ চেম্পিয়ন নাইজেল টপিং আৰু নীতি আয়োগৰ উপদেষ্টা সুধেন্দু জ্যোতি সিনহাই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: আজি ৰাষ্ট্ৰীয় শিক্ষা দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.