ETV Bharat / politics

তৃতীয়টো কাৰ্যকালৰ বাবে সাজু নৰেন্দ্ৰ মোদী, 7 জুনত দিল্লীত এন ডি এ ৰ বৈঠক - NDA meeting in New Delhi

author img

By ANI

Published : Jun 5, 2024, 5:22 PM IST

New Government formation : এন ডি এ ৰ আটাইকেইটা দল উপস্থিত হৈছে ৰাজধানী চহৰ নতুন দিল্লীত ৷ নতুন চৰকাৰ গঠন সন্দৰ্ভত 7 জুনত দিল্লীত অনুষ্ঠিত হ’ব এন ডি এ ৰ প্ৰতিটো দলৰে বৈঠক ৷ এই বৈঠকতে চূড়ান্ত কৰা হ’ব দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী ৷

NDA MEETING IN NEW DELHI
তৃতীয়টো কাৰ্যকালৰ বাবে সাজু নৰেন্দ্ৰ মোদী (Etv Bharat Assam)

নেশ্যনেল ডেস্ক, 5 জুন: নিৰ্বাচনী ফলাফল ঘোষণাৰ পিচত বিজেপি নেতৃত্বাধীন এন ডি এৰ অংশীদাৰী ৰাজনৈতিক দলসমূহ বুধবাৰে উপস্থিত হৈছে ৰাজধানী দিল্লীত ৷ সম্প্ৰতি প্ৰধানমন্ত্ৰীৰ বাসভৱনত চলি আছে এখন বিশেষ বৈঠক ৷ এই বৈঠকত অংশগ্ৰহণৰ বাবেই বুধবাৰে পুৱা ৰাজধানী চহৰখনত উপস্থিত হয় চন্দ্ৰবাবু নাইডু, নীতিশ কুমাৰৰ লগতে অসমৰ প্ৰমোদ বড়ো, অতুল বৰা আদি ৷

এই বৈঠকত মিত্ৰজোঁটৰ দলসমূহে বিজেপিক আনুষ্ঠানিক সমৰ্থন পত্ৰ দাখিল কৰাৰ আশা আছে ৷ নিৰ্বাচনী ফলাফল ঘোষণাৰ পিচত প্ৰধানমন্ত্ৰীৰ বাসভৱনত অনুষ্ঠিত হৈছে প্ৰথমখন বৈঠক ৷

উল্লেখ্য যে, দেশৰ নিৰ্বাচনী ফলাফলত এন ডি এই লাভ কৰিছে 293 খন আসন ৷ যাৰ বাবে পৰৱৰ্তী চৰকাৰ গঠনৰ বাবে এন ডি এ নেতৃত্বাধীন দলসমূহ সাজু হৈ উঠিছে ৷ ইতিমধ্যে বুধবাৰে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে নৰেন্দ্ৰ মোদীয়ে ৷ ৰাষ্ট্ৰপতিৰ হাতত মোদীয়ে দাখিল কৰে পদত্যাগ পত্ৰ ৷

সেই অনুসৰি, ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ নেতৃত্বত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এন ডি এ) নৱ নিৰ্বাচিত সাংসদসকলৰ বৈঠক 7 জুনত ৰাজধানী দিল্লীত অনুষ্ঠিত হ'ব বুলি বুধবাৰে এক বিশেষ সূত্ৰই সদৰী কৰে ৷

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক : https://www.etvbharat.com/as/!elections/lok-sabha-election-results-2024

সূত্ৰ অনুসৰি, এন ডি এৰ দ্বাৰা চৰকাৰ গঠন সন্দৰ্ভত উক্ত বৈঠকত আলোচনা কৰা হ'ব । বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত কেন্দ্ৰীয় কেবিনেটে মন্ত্ৰীসভা ভংগ কৰাৰ পৰামৰ্শ দিয়ে ৷ চলিত মন্ত্ৰীসভাৰ কাৰ্যকাল শেষ হ'ব 16 জুনত ।

তেলুগু দেশম পাৰ্টি (টি ডি পি) আৰু জনতা দল ইউনাইটেড (জে ডি ইউ)ৰ দৰে দলসমূহে নতুন চৰকাৰ গঠনত কিংমেকাৰৰ ভূমিকা গ্ৰহণ কৰাৰ সম্ভাৱনা প্ৰবল ৷ ইতিমধ্যে দল দুটাই সেউজ সংকেত প্ৰদান কৰাৰ লগতে দুয়োটা দলৰে শীৰ্ষ নেতা ক্ৰমে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ উপস্থিত হৈছে নতুন দিল্লীত ৷ ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন এন ডি এই চৰকাৰ গঠন কৰিলে 8 জুনত ক্ৰমাগত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কৰিলে টাৰ্গেট, মুখ্যমন্ত্ৰীৰ মতে বাঢ়িল সামাজিক মৰ্যদা - Lok Sabha Election Results 2024

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ ফলাফল অনুসৰি ভাৰতৰ নিৰ্বাচন আয়োগে 543 টা লোকসভা সমষ্টিৰ 542 খন আসনৰ ফলাফল ঘোষণা কৰে ৷ য’ত বিজেপিয়ে 240 খন আসন আৰু কংগ্ৰেছে 99 খন আসন লাভ কৰে ৷ আনহাতে, বিনা প্ৰতিদ্বন্দ্বিতাৰে চুৰাটৰ আসনখন বিজেপিয়ে নিজৰ দখললৈ আনে ৷

2019 চনত বিজেপিয়ে 303 খন আসন আৰু 2014 চনত দলটোৱে লাভ কৰিছিল 282 খন আসন ৷ তাৰে তুলনাত এইবেলি বিজেপিয়ে কমসংখ্যক আসন লাভ কৰে ৷

লগতে পঢ়ক: যোৰহাটত কেনেকৈ চক্ৰবেহু ফালিলে অভিমন্যুৱে ? - LOK SABHA ELECTION RESULTS 2024

বিপৰীতে কংগ্ৰেছৰ আসন পূৰ্বতকৈ বৃদ্ধি হোৱা দেখা যায় ৷ দলটোৱে 2014 চনত 44 খন আৰু 2019 চনত 52 খন আসন লাভ কৰাৰ তুলনাত এইবাৰ লাভ কৰে 99 খন আসন ৷ দেখা গৈছে যে এইবেলি লোকসভা নিৰ্বাচনত ইণ্ডি এলায়েন্সে 232 খন আসন লাভ কৰি এগজিট প’লৰ ভৱিষ্য়তবাণীক নস্যাৎ কৰে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ৰমাগত তৃতীয়টো কাৰ্যকালৰ বাবে সাজু হৈছে যদিও মিত্ৰজোঁটৰ দলসমূহৰ ওপৰত ইয়াৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিব ৷ কিয়নো সদ্যঘোষিত নিৰ্বাচনত গেৰুৱা দল বিজেপিয়ে লাভ কৰা নাছিল একক সংখ্যাগৰিষ্ঠতা ৷ 2014 চনত ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰথমবাৰলৈ শাসনৰ বাঘজৰী নিজৰ হাতত ৰখাৰ সময়ত দলটোৱে লাভ কৰিছিল একক সংখ্যাগৰিষ্ঠতা ৷

লগতে পঢ়ক: ইউছুফ পাঠানৰ হাতত ৭৩,২৬২ টা ভোটৰ ব্যৱধানত পৰাস্ত অধীৰ ৰঞ্জন চৌধুৰী - LOK SABHA ELECTION RESULTS 2024

ইফালে ইণ্ডি এলায়েন্সে বুধবাৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে এখন বিশেষ বৈঠকত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷ এই বৈঠকত তেওঁলোকে পৰৱৰ্তী ৰণনীতি প্ৰস্তুত কৰিব ৷

ইয়াৰ পূৰ্বে মঙলবাৰে নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ পিচতে নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ধন্যবাদ জ্ঞাপন কৰে ৷ মোদীয়ে এই জয় সংবিধানত বিশ্বাস থকাৰ পৰিপ্ৰেক্ষিতত লাভ কৰা বুলি কয় ৷ "সবকা সাথ, সবকা বিকাশ"ৰ লক্ষ্যৰে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে দেশৰ তৃতীয়টো কাৰ্যকাল চম্ভালিবলৈ সম্পূৰ্ণৰূপে সাজু বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ৷

লগতে পঢ়ক: পৰাজয়ৰ সন্দৰ্ভত কি ক'লে ধুবুৰীৰ তিনিবাৰৰ সাংসদ বদৰুদ্দিন আজমলে ? - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.