ETV Bharat / sports

সুদীৰ্ঘ 24 বছৰৰ মূৰত পাকিস্তান ভ্ৰমণলৈ অষ্ট্ৰেলিয়া

তিনিখন টেষ্ট মেচ, তিনিখন এদিনীয়া আৰু এখন টী20 মেচৰ শৃংখলাৰে পাকিস্তান ভ্ৰমণলৈ যাব অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলটো ৷ আগন্তুক বৰ্ষত অনুষ্ঠিত হ’বলগীয়া এই শৃংখলাৰ সূচী প্ৰকাশ কৰে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে ৷

সুদীৰ্ঘ 24 বছৰৰ মূৰত পাকিস্তান ভ্ৰমণলৈ অষ্ট্ৰেলিয়া
সুদীৰ্ঘ 24 বছৰৰ মূৰত পাকিস্তান ভ্ৰমণলৈ অষ্ট্ৰেলিয়া
author img

By

Published : Nov 10, 2021, 3:35 PM IST

স্প’ৰ্টছ ডেস্ক, 10 নৱেম্বৰ : অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলে অহা বছৰৰ মাৰ্চ-এপ্ৰিলত তিনিওটা ফৰ্মেটৰ শৃংখলা খেলিবলৈ ভ্ৰমণ কৰিব পাকিস্তান ৷ সোমবাৰে পাকিস্তান ক্ৰিকেট ব'ৰ্ডে (পিচিবি) এই কথা ঘোষণা কৰিছে । ইয়াৰ মাজতে দুয়োখন দেশে তিনিখন টেষ্ট মেচ, তিনিখন এদিনীয়া আৰু এখন টী২০ মেচ খেলিব ।

শৃংখলা অনুসৰি, প্ৰথমখন টেষ্ট মেচ কৰাচীত (3-7 মাৰ্চ), ৰাৱলপিণ্ডিত (12-16 মাৰ্চ) আৰু লাহোৰত (21-25 মাৰ্চ) অনুষ্ঠিত হ’ব ৷ ইয়াৰ বিপৰীতে 29 মাৰ্চত লাহোৰত প্ৰথমখন এদিনীয়া মেচ অনুষ্ঠিত হ’ব ৷ পৰৱৰ্তী 5 এপ্ৰিলত এখন টী20 মেচৰে শৃংখলাৰ সামৰণি পৰিব ৷

সুদীৰ্ঘ 24 বছৰৰ মূৰত পাকিস্তান ভ্ৰমণলৈ অষ্ট্ৰেলিয়া
সুদীৰ্ঘ 24 বছৰৰ মূৰত পাকিস্তান ভ্ৰমণলৈ অষ্ট্ৰেলিয়া

পাকিস্তানত অনুষ্ঠিত হ’বলগা টেষ্ট মেচবোৰ আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ অংশ হিচাপে খেলা হ'ব ৷ আনহাতে, এদিনীয়া খেলবোৰ ICC ক্ৰিকেট বিশ্বকাপ চুপাৰ লীগত অন্তৰ্ভূক্ত কৰা হ’ব ৷

পিচিবিৰ অধ্যক্ষ ৰমীজ ৰাজাই সোমবাৰে অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলটোক আদৰিবলৈ পাকিস্তান যথেষ্ট পৰিমাণে উৎসাহী বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৷ ৰাজাই কয় যে, "উন্নত প্ৰদৰ্শন কৰা দলসমূহৰ ভিতৰত অষ্ট্ৰেলিয়া অন্যতম ৷ সুদীৰ্ঘ 24 বছৰৰ মূৰত দলটোৱে পাকিস্তানলৈ খেলিবলৈ আহিব ৷ ইয়াতকৈ আনন্দৰ কথা কি হ’ব পাৰে ৷ এই সুযোগতে আমাৰ বিখ্যাত একাংশ স্থানত খেলাৰ সুযোগ পাব ঘৰুৱা দলটোৱে" ৷

পিচিবিয়ে এক বিবৃতিযোগে অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলটোৰ সুৰক্ষা আৰু ক’ভিড 19 ৰ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হ’ব বুলি প্ৰকাশ কৰিছে ৷ দলটোৰ দায়িত্বত থকা উচ্চ পৰ্যায়ৰ বিষয়াসকলে শীঘ্ৰে এই সন্দৰ্ভত আলোচনা কৰিবৰ বাবে পাকিস্তান ভ্ৰমণ কৰিব বুলিও বিবৃতিটোত প্ৰকাশ পায় ৷

অষ্ট্ৰেলিয়াই শেষবাৰৰ বাবে 1998/99 চনত পাকিস্তান ভ্ৰমণলৈ গৈছিল ৷ য’ত মাৰ্ক টেইলৰৰ নেতৃত্বত দলটোৱে 1-0 ছিৰিজত শৃংখলা দখল কৰে ৷

খেলৰ কাৰ্যসূচী:

3-7 মাৰ্চ - প্ৰথম টেষ্ট, কৰাচী

12-16 মাৰ্চ - দ্বিতীয় টেষ্ট, ৰাৱলপিণ্ডি

21-25 মাৰ্চ - তৃতীয় টেষ্ট, লাহোৰ

29 মাৰ্চ - প্ৰথম এদিনীয়া, লাহোৰ

31 মাৰ্চ - দ্বিতীয় এদিনীয়া, লাহোৰ

2 এপ্ৰিল - তৃতীয় এদিনীয়া, লাহোৰ

5 এপ্ৰিল- টী20, লাহোৰ

লগতে চাওক: ISSF President's Cupত ভাৰতৰ ৫ টা পদক লাভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.