আমিনগাঁৱত অগ্নিকাণ্ড : ভষ্মীভূত 15 লক্ষাধিক টকাৰ সম্পত্তি

By

Published : Nov 11, 2021, 10:43 AM IST

thumbnail

উত্তৰ গুৱাহাটীৰ আমিনগাঁও চাৰিআলিত বিধ্বংসী অগ্নিকাণ্ড(Fire) সংঘটিত ৷ অগ্নিকাণ্ডত ভষ্মীভূত হয় চাৰিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ৷ লগতে বিস্ফোৰিত হয় কেইবাটাও কমাৰ্চিয়েল চিলিণ্ডাৰ, অগ্নিদগ্ধ হয় দহটাৰো অধিক ছাগলী আৰু 50 টাৰো অধিক মুৰ্গী ৷ জুইৰ লেলিহান শিখাই চাৰখাৰ কৰিলে এখন মাংসৰ দোকানৰ লগতে আন তিনিখনকৈ অন্যান্য সামগ্ৰী বিপণী ৷ বৈদ্যুতিক শ্ব’ৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ সন্দেহ প্ৰকাশ ৷ জুইত জাহ গ’ল প্ৰায় 15 লক্ষাধিক টকাৰ সা-সম্পত্তি ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.