কাছাৰত পুনৰ জিৰিবামৰ শৰণাৰ্থীৰ ভিৰ - Manipur violence

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 11:05 PM IST

thumbnail
কাছাৰত পুনৰ জিৰিবামৰ শৰণাৰ্থীৰ ভিৰ (ETV BHARAT ASSAM)

তেজপুৰ, ১১ জুন : শেহতীয়াকৈ মণিপুৰৰ জিৰিবামত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পাচতেই স্থানীয় লোকে ঘৰ এৰি সীমান্তৱৰ্তী অসমৰ কাছাৰ জিলাৰ লক্ষীপুৰত আশ্ৰয় লৈছে । শৰণাৰ্থীসকলে স্থানীয় মাৰ জনগোষ্ঠীৰ লোকসকলৰ মাজত আহি আশ্ৰয় গ্ৰহণ কৰিছে । ইয়াৰ পিচতে লক্ষীপুৰত মণিপুৰৰ জিৰিবামৰ পৰা অহা শৰণাৰ্থীৰ সংখ্যা বাঢ়ি গৈ আছে ৷

এই সন্দৰ্ভত কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই ই টিভি ভাৰতক জনাই যে বৰ্তমানলৈকে প্ৰায় 600 শৰণাৰ্থীয়ে স্থানীয় লোকসকলৰ মাজত বাস কৰি আছে  । তেওঁ কয় যে, জিৰিবামৰ আৰক্ষীয়ে তেওঁলোকক জিৰিবাম এৰি নাযাবলৈ আহ্বান জনাইছে ।

আনহাতে, আশ্রয় লোৱা লোকসকলৰ সেৱা কৰি থকা মার্কলিনৰ লোকসকলে জনায় যে, প্রথম অৱস্থাত আশ্রয় লোৱা শৰণাৰ্থী লোকসকলক তেওঁলোকৰ নিজ ঘৰতেই আশ্রয় দিছিল তেওঁলোকে ৷ কিন্তু শৰণাৰ্থীৰ সংখ্যা বাঢ়ি গৈ থকাৰ ফলত এতিয়া তেওঁলোকে সেই স্থানৰে এটা ট্রেইনিং চেন্টাৰৰ কার্যালয় মুকলি কৰি দিছে l অসহায় লোকসকলৰ বাবে চৰকাৰী সাহাৰ্যৰ আহ্বান জনাইছে স্থানীয় লোকসকলে ৷

লগতে পঢ়ক : Threat to Meitei community: কাছাৰত মিজোৰাম এৰি অহা মণিপুৰী শৰণাৰ্থীৰ ভিৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.