ETV Bharat / bharat

ত্ৰিপুৰাত অচিৰে স্থাপন হ’ব সীমান্তৱৰ্তী বজাৰ

author img

By

Published : Nov 11, 2021, 12:00 PM IST

Tripura
ত্ৰিপুৰাত স্থাপন হ'ব আন এখন সীমান্ত বজাৰ

ভাৰত আৰু বাংলাদেশৰ মাজত দ্বি-পাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে পুনৰ ত্ৰিপুৰাত স্থাপন হ'ব সীমান্ত বজাৰ । ত্ৰিপুৰাৰ শ্ৰীনগৰ আৰু কমলা সাগৰৰ পাছত এয়া তৃতীয়খন সীমান্ত বজাৰ । প্ৰতি মঙলবাৰে ১১ বজাৰ পৰা দুপৰীয়া ২.৩০ বজালৈ খোলা থাকিব এই বজাৰ ।

আগৰতলা, ১১ নৱেম্বৰ : ভাৰত আৰু বাংলাদেশৰ মাজত দ্বি-পাক্ষিক সম্পৰ্ক গঢ়ি তোলাৰ স্বাৰ্থত পুনৰ স্থাপন হ'বলৈ গৈ আছে আন এখন বিশেষ বজাৰ । ত্ৰিপুৰাৰ ধলাই জিলাৰ কমলপুৰৰ সীমান্তত স্থাপন হ'ব এই বজাৰ । খবৰ অনুসৰি, বুধবাৰে কমলপুৰ মহকুমাত ভাৰত-বাংলাদেশ সীমান্ত বজাৰ মুকলি কৰাৰ সন্দৰ্ভত দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয় । বৈঠকখন বাংলাদেশৰ ফালে কমলপুৰৰ সোণাৰাইৰ ওচৰৰ ১৯০৩ নং পিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত অনুষ্ঠিত হৈছিল ।

উচ্চ পৰ্যায়ৰ বৈঠকত ত্ৰিপুৰাৰ ধলাই জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ মোচালেমুদ্দিন আহমেদ আৰু বাংলাদেশৰ মৌলৱীবজাৰ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ ৰুমানা য়াছমিন উপস্থিত থাকে । বৈঠকত ধলাই জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ মোচালেমুদ্দিন আহমেদে কয় যে ১৯০৩ নং পিলাৰ আৰু ১৩৪ নং সীমান্ত গেটৰ মাজত ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত ১.৩৭ একৰ ভাৰতীয় ভূমি আৰু ১.৩৬ একৰ বাংলাদেশী ভূমিৰ সৈতে সীমান্ত বজাৰ নিৰ্মাণ কৰা হ'ব । তেওঁ লগতে কয় যে এই সীমান্ত বজাৰত বাংলাদেশৰ ৫০ জন লোক আৰু ভাৰতৰ ৫০ জন লোকে সামগ্ৰী বিক্ৰী কৰিব পাৰিব আৰু দুয়োখন দেশৰ পৰা ১৫০ গৰাকী ক্ৰেতাক অনুমতি দিয়া হ'ব ।

এগৰাকী বিক্ৰেতাই এই সীমান্ত বজাৰত (Border Market) সৰ্বাধিক ২০০ ডলাৰ মূল্যৰ সামগ্ৰী বিক্ৰী কৰিব পাৰিব । সীমান্ত বজাৰ প্ৰতি মঙলবাৰে ১১ বজাৰ পৰা দুপৰীয়া ২.৩০ বজালৈ খোলা থাকিব । প্ৰতিগৰাকী ক্ৰেতা আৰু বিক্ৰেতাই একোখনকৈ পৰিচয় পত্ৰ আনিব লাগিব ।

এই ক্ষেত্ৰত, ধলাই জিলাৰ আম্বাচা মহকুমাৰ দণ্ডাধীশ আৰু বাংলাদেশৰ কমলগঞ্জৰ উপজিলা নিৰ্বাহি বিষয়াই (UNO) দৃষ্টান্তমূলক পৰিচয় পত্ৰ প্ৰদান কৰিব । ভাৰত চৰকাৰে সীমান্ত বজাৰ প্ৰকল্প ৰূপায়ণৰ বাবে ৫ কোটি টকা আৱণ্টন দিছে । এই ধন ত্ৰিপুৰা ঔদ্যোগিক উন্নয়ন নিগমৰ জৰিয়তে ব্যয় কৰা হ'ব ।

অতিৰিক্ত জিলা দণ্ডাধীশ মোচালেমুদ্দিন আহমেদে লগতে কয় যে ভাৰত-বাংলাদেশ সীমান্তৰ কমলপুৰ মহকুমাৰ সীমান্ত বজাৰত এটা উমৈহতীয়া সুবিধা কেন্দ্ৰ স্থাপন কৰা হ'ব । ইয়াত এটা সভা কক্ষ, এটা চিকিৎসা কোঠা আৰু ধন বিনিময়ৰ বাবে বেংকৰ কোঠা থাকিব । তদুপৰি, পুৰুষ আৰু মহিলাৰ বাবে পৃথক শৌচালয় থাকিব ।

এই সীমান্ত বজাৰ পৰিচালনাৰ বাবে এখন যুটীয়া সীমান্ত বজাৰ ব্যৱস্থাপনা সমিতি গঠন কৰা হৈছে । ধলাই জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ মোচালেমুদ্দিন আহমেদ সমিতিৰ ভাৰতীয় অংশৰ অধ্যক্ষ আৰু মৌলৱী বজাৰ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ ৰুমানা য়াছমিন বাংলাদেশ অংশৰ অধ্যক্ষ । মাছ আৰু শুকান মাছকে ধৰি মুঠ ১৬ বিধ সামগ্ৰী এই সীমান্ত বজাৰত ক্ৰয় আৰু বিক্ৰী কৰা হ'ব । বৰ্তমান ত্ৰিপুৰাত দুখন সীমান্ত বজাৰ আছে যিকেইখন দক্ষিণ ত্ৰিপুৰা জিলাৰ শ্ৰীনগৰ আৰু ত্ৰিপুৰাৰ চেপাহিজালা জিলাৰ কমলাসাগৰত আছে ।

লগতে পঢ়ক : আত্মনিৰ্ভৰশীল ত্ৰিপুৰা গঢ়ি তোলাত বিজেপিৰ অৱদান যথেষ্ট:বিপ্লৱ কুমাৰ দেৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.