ETV Bharat / city

NDRF ৰ আন্তঃবেটালিয়ান দক্ষতা বৃদ্ধি বিষয়ক প্ৰতিযোগিতা

author img

By

Published : Nov 11, 2021, 10:48 AM IST

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাৰ পাটগাঁৱস্থিত প্ৰথম ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ 'এন ডি আৰ এফ'ৰ উদ্যোগত মিৰ্জাস্থিত জিলা শিক্ষণ প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট)ৰ চৌহদত তিনিদিনীয়াকৈ পূৱ আৰু উত্তৰ-পূৱ মণ্ডলৰ ভিত্তিত অনুষ্ঠিত আন্তঃ এনডিআৰএফ বেটালিয়ানৰ দক্ষতা বৃদ্ধি প্ৰতিযোগিতাৰ বুধবাৰে সামৰণি পৰে ।

ndrf-inter-battalion-skills-competition
এন ডি আৰ এফৰ আন্তঃবেটেলিয়ান দক্ষতা বৃদ্ধি বিষয়ক প্ৰতিযোগিতা

গুৱাহাটী, 11 নৱেম্বৰ : বিগত 8 নৱেম্বৰৰ পৰা আৰম্ভ হোৱা গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাৰ পাটগাঁৱস্থিত প্ৰথম ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ 'NDRF' ৰ উদ্যোগত মিৰ্জাস্থিত জিলা শিক্ষণ প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট)ৰ চৌহদত তিনিদিনীয়াকৈ পূৱ আৰু উত্তৰ-পূৱ মণ্ডলৰ ভিত্তিত অনুষ্ঠিত আন্তঃ এনডিআৰএফ বেটালিয়ান দক্ষতা বৃদ্ধি প্ৰতিযোগিতাখনৰ বুধবাৰে সামৰণি পৰে ।

ndrf-inter-battalion-skills-competition
এনডিআৰএফৰ আন্তঃবেটালিয়ানৰ দক্ষতা বৃদ্ধি বিষয়ক প্ৰতিযোগিতা

এই প্ৰতিযোগিতাখনত পূৱ আৰু উত্তৰ-পূৱ মণ্ডলত থকা প্ৰথম, দ্বিতীয়, নৱম আৰু দ্বাদশ বেটালিয়ানৰ প্ৰায় 100 গৰাকী বিভিন্ন বৰ্গৰ বিষয়া-জোৱানে অংশগ্ৰহণ কৰে । আনহাতে, উক্ত প্ৰতিযোগিতাত আজাৰা পাটগাঁৱস্থিত প্ৰথম এনডিআৰএফ দলে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰাৰ বিপৰীতে কলকাতাস্থিত দ্বিতীয় এনডিআৰএফ দলে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে ।

বুধবাৰে এই প্ৰতিযোগিতাখনৰ সামৰণি উপলক্ষে অনুষ্ঠিত হয় সামৰণি আৰু বঁটা বিতৰণী অনুষ্ঠান ৷ উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া ৷ অনুষ্ঠানটোত উপস্থিত থাকি বিধায়ক ঠাকুৰীয়াই বঁটা প্ৰদান কৰাৰ লগতে এনে ধৰণৰ প্ৰতিযোগিতাই বেটালিয়ানসমূহৰ মাজত পাৰস্পৰিক ভাৱৰ লগতে দুৰ্যোগৰ সময়ত কোনে কি ধৰণৰ পদ্ধতি অৱলম্বন কৰে সেই বিষয়ক জ্ঞান অর্জনতো সহায় কৰিব বুলি আশা ব্যক্ত কৰে ।

ndrf-inter-battalion-skills-competition
এনডিআৰএফৰ আন্তঃবেটালিয়ানৰ দক্ষতা বৃদ্ধি বিষয়ক প্ৰতিযোগিতা

অনুষ্ঠানত দ্বিতীয় এনডিআৰএফৰ কমাণ্ডেণ্ট গুৰ্মিন্দৰ সিং, প্ৰথম এনডিআৰএফৰ ছেকেণ্ড-ইন-কমাণ্ড পংকজ কেভিদয়াল, উপ অধিনায়ক ক্ৰমে অৰূপ কুমাৰ সিং, অনিল চৌহান আৰু ডাঃ তেজ বাহাদুৰকে ধৰি কেইবাজনো বিষয়া উপস্থিত থাকে ।

উল্লেখ্য যে, প্ৰতিযোগিতাখনত ভাগ লোৱা এনডিআৰএফ বাহিনীসমূহে ভূমিকম্প, বান, ভূমিস্খলন, ধুমুহাকে ধৰি বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ, দুৰ্ঘটনাকে ধৰি যিকোনো দুৰ্যোগত আক্ৰান্ত লোকক উদ্ধাৰ, সাহায্য আৰু প্ৰাথমিক চিকিৎসা প্ৰদান কাৰ্যত ব্যৱহৃত সা-সামগ্ৰী সমূহৰ প্ৰদৰ্শন কৰে । ইফালে প্ৰথম এনডিআৰএফৰ অধিনায়ক এইছ পি এছ কাণ্ডাৰীয়ে উক্ত প্ৰতিযোগিতাখন সাফল্য মণ্ডিত কৰাৰ বাবে সকলো প্ৰতিযোগীকে শুভেচ্ছা জ্ঞাপন কৰে ।

লগতে পঢ়ক : আজি ৰাষ্ট্ৰীয় শিক্ষা দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.