ETV Bharat / bharat

আজি ৰাষ্ট্ৰীয় শিক্ষা দিৱস

author img

By

Published : Nov 11, 2021, 7:19 AM IST

আজি ভাৰতৰ প্ৰথমগৰাকী শিক্ষা মন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্মদিন ৷ সেই উপলক্ষে প্ৰতি বছৰে এই বিশেষ দিনটোক ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰা হয় ৷

আজি ৰাষ্ট্ৰীয় শিক্ষা দিৱস
আজি ৰাষ্ট্ৰীয় শিক্ষা দিৱস

নিউজ ডেস্ক, 11 নৱেম্বৰ : শিক্ষা দিৱসত আমি প্ৰতিজন লোকেই শিক্ষাইনো আমাক কি প্ৰদান কৰে আন্তৰিকতাৰে উপলব্ধি কৰা প্ৰয়োজন ৷ শিক্ষা হ'ল বিকাশ আৰু শান্তিৰ চাবি-কাঠি ৷ গুণগত শিক্ষাই এজন ব্যক্তিৰ দক্ষতা, প্ৰযুক্তিৰ জ্ঞানেই নহয়, ই দৈহিক, মানসিক বিকাশত উপাদান যোগায় ৷ সেয়ে শিক্ষাক মানৱ জাতিৰ অধিকাৰ হিচাপে বিবেচনা কৰা হয় ৷

আজি ৰাষ্ট্ৰীয় শিক্ষা দিৱস ৷ ভাৰতৰ প্ৰথমগৰাকী শিক্ষা মন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্মদিন উপলক্ষে প্ৰতিবছৰে এই দিনটো পালন কৰা হয় ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে ৷ ১৮৮৮ চনৰ আজিৰ দিনটোতে মক্কাত জন্ম লাভ কৰিছিল আজাদে ৷ এজন ভাৰতীয় মুছলমান পণ্ডিত, ৰাজনীতিজ্ঞ আৰু ভাৰতীয় স্বাধীনতা আন্দোলনৰ মুখ্য নেতা হিচাপে জনাজাত হৈছিল আজাদ ৷

আজি ৰাষ্ট্ৰীয় শিক্ষা দিৱস
Source : গুগল

২০০৮ চনৰ ১১ ছেপ্তেম্বৰত মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে মৌলানা আবুল কালাম আজাদৰ জন্ম দিনটোক ৰাষ্ট্ৰীয়ভাৱে শিক্ষা দিৱস হিচাপে স্বীকৃতি দিয়াৰ ঘোষণা কৰে । মৌলানা আবুল কালাম আজাদ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী শিক্ষা মন্ত্ৰী আছিল, যিয়ে 1947 ৰ 15 আগষ্টৰ পৰা 1958 ৰ 2 ফেব্ৰুৱাৰীলৈ সেৱা আগবঢ়াইছিল ৷

এই দিনটোত শিক্ষা আৰু প্ৰতিষ্ঠানৰ ক্ষেত্ৰত আজাদৰ দৃষ্টান্তমূলক অৱদানৰ কথা সোঁৱৰণ কৰা হয়, যিয়ে দেশৰ শিক্ষাৰ ক্ষেত্ৰত আধুনিক ব্যৱস্থাৰ বাবে পথ প্ৰশস্ত কৰিছিল । সেয়ে আজি ৰাষ্ট্ৰীয় শিক্ষা দিৱসৰ দিনটোত মনীষীগৰাকীলৈ জনাইছো শতকোটি নমন ৷

লগতে চাওক: শিলচৰ বিমান বন্দৰত জৰুৰীকালীন অৱতৰণ এয়াৰ ইণ্ডিয়াৰ বিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.