ETV Bharat / bharat

ৰাষ্ট্ৰীয় শিক্ষা দিৱসত মৌলানা আবুল কালাম আজাদক স্মৰণ প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Nov 11, 2021, 12:26 PM IST

আজি দেশৰ প্ৰথমগৰাকী শিক্ষা মন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্মদিন ৷ টুইটাৰযোগে ৰাষ্ট্ৰীয় শিক্ষা দিৱসৰ শুভেচ্ছা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷

ৰাষ্ট্ৰীয় শিক্ষা দিৱস
ৰাষ্ট্ৰীয় শিক্ষা দিৱসত স্মৰণ স্বাধীন ভাৰতৰ প্ৰথম গৰাকী শিক্ষা মন্ত্ৰীক

নেশ্যনেল ডেস্ক, 11 নৱেম্বৰ : আজি 11 নৱেম্বৰ অৰ্থাৎ ৰাষ্ট্ৰীয় শিক্ষা দিৱস ৷ দেশৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্মদিনটোৰ লগত সংগতি ৰাখি এই ৰাষ্ট্ৰীয় শিক্ষা দিৱস পালন কৰি অহা হৈছে ৷

বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মৌলানা আবুল কালাম আজাদক তেখেতৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি টুইট কৰে ৷ টুইটাৰৰ জৰিয়তে তেওঁ স্বাধীনতা আন্দোলনত আজাদৰ ভূমিকাক প্ৰশংসা কৰি কয় যে, শিক্ষাখণ্ডৰ প্ৰতি তেওঁ যথেষ্ট আগ্ৰহী ব্যক্তি আছিল আৰু সমাজত ভাতৃত্ববোধ স্থাপনৰ হেতুকে আপ্ৰাণ চেষ্টা চলাই গৈছিল ৷

তেখেতক এজন পথ প্ৰদৰ্শক, চিন্তাবিদ আৰু বুদ্ধিজীৱী হিচাপে সম্বোধন কৰে মোডীয়ে ৷ লগতে সমাজৰ বাবে তেওঁৰ কৰ্মৰাজিক অনুপ্ৰেৰণাদায়ক বুলি আখ্যা দিয়ে ৷ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়েও টুইটাৰযোগে ভাৰতৰত্ন বঁটা প্ৰাপ্ত মহান ব্যক্তিগৰাকীক জন্ম জয়ন্তীত শ্ৰদ্ধাৰে সুঁৱৰে ৷

লগতে চাওক : আজি ৰাষ্ট্ৰীয় শিক্ষা দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.