Road Accident in Rangia: ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণজানাত পথ দুৰ্ঘটনা

By

Published : Jun 10, 2023, 3:45 PM IST

thumbnail

ৰঙিয়া, 10 জুন: ৰঙিয়াৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণজানাত পথ দুৰ্ঘটনা ৷ ৰৈ থকা AS 01 N C 2521 নম্বৰৰ ট্ৰাকৰ চালকক প্ৰচণ্ড জোৰে খুন্দা AS 14 Q 5907 নম্বৰৰ বাইকৰ ৷ বাইকৰ খুন্দাত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বহু দূৰত চিটিকি পৰে ট্ৰাকচালকজন ৷ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বৰপেটা জিলাৰ হাউলিৰ ট্ৰাক চালক বিজু কলিতা (Two Injured in a road accident in Rangia) ৷

ইফালে দুৰ্ঘটনাটোত কিছু পৰিমানে আহত হয় নলবাৰীৰ সাগৰকুছিৰ বাইক আৰোহীজন ৷ পিছত দুৰ্ঘটনাটোত আহত দুয়োজনকে স্থানীয় ৰাইজৰ সহযোগত চিকিৎসালয়ত ভৰ্তি কৰা হয় । জানিব পৰা মতে নলবাৰী অভিমুখী ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰখাই চালকজনে ট্ৰাকখনৰ পৰা নামিবলৈ লওতেই দুৰ্ঘটনাটো সংঘটিত হয় (Road Accident in Rangia) ৷

লগতে পঢ়ক: Manikpur road accident: মাণিকপুৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.