ETV Bharat / state

Manikpur road accident: মাণিকপুৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা

author img

By

Published : Jun 10, 2023, 2:35 PM IST

manikpur road accident
পথ দুৰ্ঘটনা

মাণিকপুৰ ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক আৰু মাৰুতি ছুইফট গাড়ীৰ মুখামুখি সংঘৰ্ষত ৫ জন আহত । ২ জনৰ অৱস্থা সংকটজনক (Manikpur road accident) ।

পথ দুৰ্ঘটনা

মাণিকপুৰ, 10 জুন : বঙাইগাঁও জিলাৰ মাণিকপুৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । মাণিকপুৰ ৩১নং ঘাইপথটো দুৰ্ঘটনা জ'ন হিচাপে পৰিগণিত হৈ আছে । মাণিকপুৰ তিনিআলিত উৰণীয়া সেতু নিৰ্মাণৰ কাম আৰাম্ভ হোৱাত এটা পথৰে গাড়ীসমূহ অহা-যোৱা কৰিবলগীয়া হোৱাত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে ।

উৰণীয়া সেতু নিৰ্মাণ কাৰ্যৰ সময়ত কোনো ধৰণৰ গাড়ী গতি ৰোধক ব্যৱহাৰ নকৰাৰ বাবে দুৰ্ঘটনা সংঘটিত হৈ আহিছে । আজি UP 21-CN 5371 নম্বৰৰ ট্ৰাক আৰু AS 01 AN 6370 নম্বৰৰ মাৰুতি ছুইফট গাড়ী দুখনৰ মাজত মুখামুখি সংঘৰ্ষ সংঘটিত হয় । ফলত মাৰুতী খনত থকা শিশুসহ ৫ জন লোক আহত হয় । তাৰে ২ জন গুৰুতৰভাৱে আহত হয় । আহত সকলক ততাতৈয়াকৈ মাণিকপুৰ মহাত্মাগান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় (Manikpur road accident) ৷

অৱস্থা সংকটজনক দেখি গোটেই কেইজনকে উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰা হয় । জানিব পৰা মতে ইয়াৰ পৰা দুজনৰ অৱস্থা অধিক সংকটজনক হোৱা বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে । আহত সকল ক্ৰমে নাৰায়ন দাহাল প্ৰসাদ, আশীৰাম বসুমতাৰী, দীনেশ ৰয়, শৰ্মিলা ৰায় আৰু সন্দেশ ৰায় ৷

উল্লেখ্য যে মাৰুতি খন নেপালৰ পৰা শ্বিলং অ​ভিমুখে গৈ থাকোতে এই দুৰ্ঘটনা সংঘটিত হয় । মাণিকপুৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা সংক্ৰান্তত ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰি অহা হৈছে যদিও চকু মুদা কুলিৰ ভাও ধৰি আছে নেশ্যনেল হাইৱে পৰিচালনা বিভাগে । আনহাতে উৰণীয়া সেতু নিৰ্মাণ কৰা সংস্থাইয়ো একেদৰেই চকু মুদি আছে । এই ক্ষেত্ৰত জিলা প্ৰশাসনে কি ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ।

লগতে পঢ়ক : Sarbhog truck key snatching incident: চালকে নিদিলে দাবীৰ দুহেজাৰ টকা, খঙতে ট্ৰাকৰ চাবি লৈ উধাও দুষ্কৃতিকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.