Sarbhog truck key snatching incident: চালকে নিদিলে দাবীৰ দুহেজাৰ টকা, খঙতে ট্ৰাকৰ চাবি লৈ উধাও দুষ্কৃতিকাৰী

By

Published : Jun 10, 2023, 10:51 AM IST

thumbnail

বৰপেটাৰোড, 10 জুন : সৰভোগৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটী অভিমুখে আহি থকা কোকাকোলা ভৰ্তি এখন ট্ৰাকক আগভেঁটি ধৰি ধন দাবী কৰে দুষ্কৃতিকাৰীয়ে ৷ কিন্তু ট্ৰাক চালকে ধন দিবলৈ অস্বীকাৰ কৰাত দুষ্কৃতিকাৰীয়ে ট্ৰাকখনৰ চাবিপাত কাঢ়ি লৈ গুচি যায় (Sarbhog truck key snatching incident)। শুকুৰবাৰে নিশা সৰভোগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বেঁকী নৈৰ ব্ৰীজৰ সমীপত সংঘটিত হৈছে এই ঘটনা (Sarbhog national highway) ।

ট্ৰাকখনৰ চালকে জনোৱা মতে কোকাকোলা ভৰ্তি ট্ৰাকখনে 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটী অভিমুখে আহি আছিল ৷ সেইসময়ত প্ৰায় তিনি কিলোমিটাৰ পিছৰ পৰাই কোকাকোলা ভৰ্তি ট্ৰাকখনক এখন বলেৰ’ গাড়ীয়ে পিছ লয় ৷ ট্ৰাকখন সৰভোগৰ বেঁকী ব্ৰীজৰ সমীপত আহি পোৱাৰ পাচত পিছে পিছে আহি থকা উক্ত বগা ৰঙৰ বলেৰ’ গাড়ীখনে ট্ৰাকখনক আগভেটি ধৰে ৷ ফলত ট্ৰাকখনৰ চালকে ট্ৰাকখন ৰখাই দিয়াত বলেৰ’ গাড়ীৰ পৰা দুষ্কৃতিকাৰীয়ে নামি আহি ট্ৰাক চালকৰ পৰা ধন দাবী কৰে ৷

চালকে দাবী কৰা ধন দিবলৈ অমান্তি হোৱাত কোকাকোলা কঢ়িয়াই লৈ অহা ট্ৰাকখনৰ চাবিপাত দুষ্কৃতিকাৰীয়ে কাঢ়ি লৈ গুচি যায় (Miscreant runs away with the truck key) । পাচত ঘটনাস্থলীত সৰভোগ আৰক্ষী আহি উপস্থিত হৈ দুষ্কৃতিকাৰীৰ সন্ধান কৰে যদিও বৰ্তমানলৈকে দুষ্কৃতিকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই ৷ 

লগতে পঢ়ক : Wild boar Terror at Jamugurihat: জামুগুৰিহাটত বনৰীয়া গাহৰিৰ উপদ্ৰৱ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.