Wild boar Terror at Jamugurihat: জামুগুৰিহাটত বনৰীয়া গাহৰিৰ উপদ্ৰৱ

By

Published : Jun 9, 2023, 10:43 PM IST

thumbnail

চতিয়া,৯জুন: খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছে বন্য জীৱ-জন্তু (Wild animal menace) । জামুগুৰিহাটৰ দক্ষিণাঞ্চলত বনৰীয়া গাহৰিয়ে চলাইছে উপদ্ৰৱ (Wild boar scare in Jamugurihat) । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা নিশাৰ ভাগত ওলাই অহা বনৰীয়া গাহৰিৰ জাকে অঞ্চলটোৰ খলিহামাৰিকে ধৰি কেইবাখনো গাঁৱত বড়ো ধান, মৰাপাত, মাকৈ খেতি তহিলং কৰিছে ।  

বনৰীয়া গাহৰিৰ উপদ্ৰৱে এতিয়া চিন্তিত কৰি তুলিছে কৃষি জীৱি ৰাইজক (Wild boar Terror at Jamugurihat) । অঞ্চলটোৰ ৰাইজে এই বিষয়ে বনবিভাগক জনাইছে যদিও বনবিভাগে এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে । 

লগতে পঢ়ক: MLA Atul Bora: জোনমণিক হত্যা কৰা হৈছে; নিশ্চিত দিশপুৰৰ বিধায়ক অতুল বৰা-লাগে কেৱল হত্যাকাৰী কোন ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.