ETV Bharat / state

MLA Atul Bora: জোনমণিক হত্যা কৰা হৈছে; নিশ্চিত দিশপুৰৰ বিধায়ক অতুল বৰা-লাগে কেৱল হত্যাকাৰী কোন ?

author img

By

Published : Jun 9, 2023, 10:16 PM IST

MLA Atul Bora
জোনমণিক হত্যা কৰা হৈছে; নিশ্চিত দিশপুৰৰ বিধায়ক অতুল বৰা

নিজ দলৰ চৰকাৰৰ কাম-কাজৰ ওপৰত সন্তুষ্ট নহয় দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা ৷ জোনমণি ৰাভাক নিশ্চিতভাৱে হত্যা কৰা হৈছে বুলি বৰাৰ ৷ গুৱাহাটীৰ পথ দুৰ্ঘটনাক লৈয়ো প্ৰকাৰন্তৰে নিজৰ চৰকাৰকেই দোষ দিলে বৰাই (Road accident in Guwahati) ৷

জোনমণিক হত্যা কৰা হৈছে; নিশ্চিত দিশপুৰৰ বিধায়ক অতুল বৰা

গুৱাহাটী, ৯ জুন: বিধায়ক নিবাসৰ আম পাৰি খোৱা মানুহক গ্ৰেপ্তাৰ কৰাই বিতৰ্কৰ শিৰোনাম দখল কৰা দিশপুৰৰ বিধায়ক অতুল বৰা শাসকীয় বিজেপি নে বিৰোধী দলৰ কেতিয়াবা ধৰাই কঠিন হৈ পৰে ৷ ৰাজপথৰ খান্দি থোৱা গাঁতে ছাত্ৰীৰ প্ৰাণ লোৱা ঘটনা প্ৰসংগত কেইবাটাও বিস্ফোৰক মন্তব্য বিধায়ক অতুল বৰাৰ (Dispur MLA Atul Bora) ৷

উল্লেখ্য যে জোনমণি ৰাভাত হত্যা কৰা হৈছে, নিশ্চিত অতুল বৰা ৷ হত্যাকাৰী কোন সেইটোহে লাগে তেঁওক ৷ স্কুল বাছৰ চালকক জে’ললৈ আৰু জোনমণিৰ মৃত্যুত জড়িত চালকক মুকলি আকাশৰ তললৈ কিয় ? এই প্ৰসংগতো প্ৰকাৰন্তৰে প্ৰশ্ন তুলিলে দিশপুৰৰ বিজেপি বিধায়কজনে (SI Junmoni death case) ৷

শুকুৰবাৰে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰিয়া কুমাৰীৰ মৃত্যুত বাছ চালকজনৰ দোষ নাই বুলি ক্লিন চিট দিলে বিধায়ক অতুল বৰাই (Accident in Ganeshguri) ৷ লগতে এছ আই জোনমণি ৰাভাৰ মৃত্যুক লৈয়ো বিস্ফোৰক মন্তব্য দিশপুৰীয়া অতুল বৰাৰ ৷ বৰাৰ স্পষ্ট মন্তব্য,“জোনমণি ৰাভাক হত্যা কৰা হৈছে৷ তাত কোনো সন্দেহ নাই৷ হত্যা নে দুৰ্ঘটনা- সেইটোৰ তদন্তৰ প্ৰয়োজন নাই ৷ কোনে হত্যা কৰিছে সেইটোহে লাগে মোক৷”

উল্লেখ্য, এতিয়া ৰাজ্যজুৰি ব্যাপক চৰ্চা চলিছে যে জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুত জড়িত ট্ৰাকচালক মুকলি আকাশৰ তলত, প্ৰিয়া কুমাৰীৰ মৃত্যুৰ লগত সাঙুৰ খোৱা নিৰ্দোষ বাছ চালকক জে’ললৈ কিয় ? এনে সময়তে অতুল বৰাৰ মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে ৷ বৰাৰ মন্তব্য, ‘‘সকলোৱে বাছৰ চালক গৰাকীৰ দোষ নাই বুলি কৈছে ৷’’ লগতে অতুল বৰাৰ মন্তব্য,‘‘ৰাস্তা খান্দি ভালদৰে নোপোতে গেমনে ৷ এওঁলোকক জেললৈ পঠিয়াই দিব লাগিছিল, কিন্তু কাম কৰি গুচি গ’ল (Construction in Guwahati) ৷’’

বিদ্যুতৰ বৰ্ধিত মাচুল আৰু বিধানসভাৰ অধ্যক্ষৰ বাসগৃহত থকা ২২ টা AC ক লৈয়ো মন্তব্য অতুল বৰাৰ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ ক’লে, “ মই AC ব্যৱহাৰ নকৰো, বেছি গৰমো নুঠে মোৰ৷ অৱশ্যে খং উঠিলেহে মোৰ গৰম উঠে ৷ স্মাৰ্ট মিটাৰ মই ভাল পোৱা নাই, এইবোৰ হ’ব নালাগিছিল ৷ সাধাৰণ লোকৰ ঘৰত ৫০০০-৩০০০ টকাৰ ইলেক্ট্ৰচিটিৰ বিল ৷ কথাটো ভাল হোৱা নাই (Electricity tariff hike in Assam) ৷”

মুঠৰ ওপৰত এতিয়া নিজ দলৰ চৰকাৰৰ কাম-কাজৰ ওপৰতে সন্তুষ্ট নহয় বিভিন্ন বিতৰ্কিত মন্তব্য কৰি শিৰোনাম দখল কৰা বিধায়ক অতুল বৰা ৷ যাৰ বাবে সাংবাদিকে সোধা সকলো প্ৰশ্নতে নিজ দলৰ চৰকাৰখনকেই দোষাৰোপ কৰিলে বৰাই ৷

লগতে পঢ়ক: Construction in Guwahati: মহানগৰীৰ বাট-পথত চলি থকা কাম বন্ধ কৰাৰ নিৰ্দেশ জিলা আযুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.