Hojai news: কি কি যে নকৰে মানুহে সুৰাৰ ৰাগীত...

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 10:26 AM IST

thumbnail

হোজাই, 3 নৱেম্বৰ : ‘সুৰাত মগন ভয়াল ৰাতি’, চেতনা ঘূৰাই পালেহে গম পাব কিমান হ’ল ক্ষতি ! হয়, সুৰাতেই মগন হৈ আছিল তেওঁলোক দুয়ো ৷ প্ৰথমে তেওঁলোকে সুৰাপান কৰিলে, পিছলৈ সুৰাই তেওঁলোকক পান কৰি পেলালে ৷ ঘটনাটো হোজাইৰ ৷

হোজাই জিলাৰ কাকী হাম্ফুজানত দপদপকৈ জ্বলিল উঠিল এখন বাইক । কালি নিশা সুৰাসক্ত অৱস্থাত নিজৰ বাইক নিজে জ্বলাই দিলে দুজন বাইক আৰোহী যুৱকে ৷ স্থানীয় ৰাইজৰ পৰা জানিব পৰা অনুসৰি, বাইকত তেল নথকাৰ বাবেই জ্বলাই দিলে নিজৰ হি’ৰ বাইক ।

কাকী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ কাকী আৰক্ষীয়ে বাইক আৰোহী এজনক আটক কৰি থানালৈ লৈ যায় ৷ ঘটনা সংঘটিত কৰা এজন আৰোহীয়ে পলায়ন কৰে । বৰ্তমানে কাকী আৰক্ষীয়ে অধিক তথ্যৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Public ambulance service:হোজাইৰ মোৰাঝাৰত ৰাজহুৱা জৰুৰীকালীন এম্বুলেন্স সেৱা মুকলি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.