Public ambulance service:হোজাইৰ মোৰাঝাৰত ৰাজহুৱা জৰুৰীকালীন এম্বুলেন্স সেৱা মুকলি

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 1:17 PM IST

thumbnail

হোজাই, 31 অক্টোবৰ : হোজাইৰ মোৰাঝাৰত ৰাজহুৱা জৰুৰীকালীন এম্বুলেন্স সেৱা মুকলি কৰা হয় । মোৰাঝাৰ সংযুক্ত যুৱ সচেতন মঞ্চৰ উদ্যোগত আৰু Helping Hands Society ৰ পৃষ্ঠপোষকতাত ৰাজহুৱা এম্বুলেন্স সেৱাৰ ব্যৱস্থা কৰা হয় ৷ সোমবাৰে বিয়লি মোৰাঝাৰ খেল পথাৰত অনুষ্ঠিত হোৱা এক ৰাজহুৱা সভাত সভাপতি বিলাল উদ্দিনৰ পৌৰহিত্যত অনুষ্ঠিত এক অনুষ্ঠানত এই জৰুৰীকালীন এম্বুলেন্স বাহন আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷

ৰাজহুৱা এম্বুলেন্স সেৱা মুকলি কৰে হোজাইৰ বিশিষ্ট সমাজসেৱক ৰেহান উদ্দিন আহমেদে ৷ সভাত মুখ্য বক্তা হিচাপে প্ৰাক্তন খণ্ড উন্নয়ন বিষয়া নজৰুল ইছলাম, আমছু নেতা মনোৱাৰ হুছেইন, অৱসৰপ্ৰাপ্ত শিক্ষক মতিউৰ ৰহমানকে ধৰি ভালেমান লোক উপস্থিত থাকি ভাষণ আগবঢ়ায় ৷ মোৰাঝাৰৰ এক বহুদিনীয়া অভাৱ এই জৰুৰীকালীন এম্বুলেন্স সেৱা উদ্বোধনী অনুষ্ঠানত কেইবা শতাধিক লোক উপস্থিত থাকে ৷ সভাত এম্বুলেন্সখন অনাৰ বাবে সহায় আগবঢ়োৱা অৰ্ধ শতাধিক বিশিষ্ট দাতাক সম্বৰ্ধনা জনোৱা হয় ৷

লগতে পঢ়ক : Operation against Drugs:ডবকা আৰক্ষীৰ জালত এটা ড্ৰাগছ সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.