জিঅ' বেগৰ জৰিয়তে খহনীয়া প্ৰতিৰোধৰ চেষ্টা: নৈপৰীয়াৰ ওঁঠত বিৰিঙিছে হাঁহি - Erosion In Barpeta

By ETV Bharat Assamese Team

Published : May 22, 2024, 4:57 PM IST

thumbnail
জিঅ' বেগৰ জৰিয়তে খহনীয়া প্ৰতিৰোধৰ চেষ্টা (Etv bharat assam)

বৰপেটা, 22 মে’: বিগত চাৰি দশকৰো অধিক কাল ধৰি ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়াৰ কবলত পৰি আহিছে বৰপেটা জিলাৰ দক্ষিণ প্ৰান্তৰ বিস্তীৰ্ণ অঞ্চল । বহৰি, ভোগেৰপাৰ, বাৰাদি, ডক্ৰেশ্বৰ আদি অঞ্চলৰ হেজাৰ হেজাৰ বিঘা ভূমি ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে । বহু পৰিয়ালৰ ভেটি মাটি পৰ্যন্ত উচন হৈছে । অৱশেষত শেহতীয়াকৈ খহনীয়াগ্ৰস্ত এটা অংশত প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছে বৃহৎ প্ৰতিৰোধী ব্যৱস্থা । 

বিশেষকৈ বিগত বৰ্ষৰ পৰা খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰা ইতিহাস প্ৰসিদ্ধ ডক্ৰেশ্বৰ অঞ্চল তথা ডক্ৰেশ্বৰ দেৱালয়ক কেন্দ্ৰ কৰি প্ৰায় আঠশ মিটাৰ অঞ্চলত জিঅ' বেগৰ জৰিয়তে খহনীয়া প্ৰতিৰোধৰ কাম সম্প্ৰতি দ্ৰুত গতিত অব্যাহত আছে । সমান্তৰালভাবে মথাউৰিৰো নিৰ্মাণকাৰ্য আৰম্ভ হৈছে । খহনীয়াৰ উপৰি প্ৰতিবছৰে বানত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে চৰম জীয়াতু ভুগি অহাৰ পাছত চৰকাৰৰ এই পদক্ষেপত যথেষ্ট আশাবাদী হৈ পৰিছে স্থানীয় লোকসকল । 

ভোগেৰপাৰৰ সচেতন বাসিন্দা কুলেন তালুকদাৰে এই প্ৰসংগত কয়, "কেৱল আঠশ মিটাৰ পৰ্যন্ত জিঅ' বেগ সংস্থাপিত কৰিলেই বৃহত্তৰ অঞ্চলটো খহনীয়াৰ পৰা ৰক্ষা নপৰে । ইয়াতকৈ অধিক অংশক এই সুৰক্ষা ব্যৱস্থাত সামৰি ল'ব লাগিব । পূব আৰু পশ্চিম দিশত কমেও আঠশ মিটাৰ অঞ্চলত এই ব্যৱস্থা গঢ়ি তুলিলেহে অঞ্চলটো সুৰক্ষিত হ'ব বুলি আশা কৰিব পাৰি ।"

লগতে পঢ়ক: মোহনাঘাটৰ খহনীয়া প্ৰতিৰোধৰ বাবে আৱণ্টন 75 কোটি টকা - Erosion In Dibrugarh

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.