আগৰতলাত এসপ্তাহত 20 অবৈধ বাংলাদেশীক আটক - Bangladeshi Intruders arrested

By ETV Bharat Assamese Team

Published : May 22, 2024, 2:48 PM IST

thumbnail
অবৈধ বাংলাদেশী নাগৰিক (ETV BHARAT ASSAM)

কৰিমগঞ্জ, ২২ মে’: আগৰতলা ৰে'ল ষ্টেচনৰ পৰা পুনৰ এজন অবৈধ বাংলাদেশী নাগৰিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । লগতে গ্ৰেপ্তাৰ হৈছে দিল্লীৰ এটা দালালক । আগৰতলা ৰে’লৱে ষ্টেচন জি আৰ পি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী তাপস দাসে মঙলবাৰে সংবাদ মাধ্যমৰ আগত কয় যে সোমবাৰে নিশা কাৰিমুল্লা নামৰ বাংলাদেশী যুৱকজনক ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ কৰা হয় । তেওঁৰ ঘৰ বাংলাদেশৰ চট্টগ্ৰামত । এসপ্তাহৰ ভিতৰতে আগৰতলা ৰে'ল ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ২০ জন অবৈধ বাংলাদেশী নাগৰিক ।

ইয়াৰ পিচতেই উত্তৰ দিল্লী অঞ্চলত খুৰুছেদ আলমক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । তেজস ৰাজধানী এক্সপ্ৰেছেৰে দিল্লীলৈ যোৱাৰ পৰিকল্পনা কৰাৰ সময়তেই আৰক্ষীৰ জালত পৰে । মঙলবাৰে তেওঁক আদালতত হাজিৰ কৰোৱাৰ পিচত আদালতে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ।

মন কৰিবলগীয়া যে যোৱা এসপ্তাহত আগৰতলা ৰে’ল ষ্টেচনৰ পৰা ২০ জন অবৈধ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। একে সময়তে যোৱা ৭ দিনত মানৱ সৰবৰাহৰ লগত জড়িত তিনি ভাৰতীয়কো গ্ৰেপ্তাৰ কৰা হৈছে । ধৃত লোকজনৰ জেৰাৰ ভিত্তিত আৰক্ষীয়ে মানৱ সৰবৰাহৰ সৈতে জড়িত এটা বৃহৎ চক্ৰৰ তথ্য় লাভ কৰিবলৈ সক্ষম হৈছে ।

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.